Drugs peddler detained:গৰাইমাৰীত ড্ৰাগছসহ এজনক আটক

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 7:08 PM IST

thumbnail

বঙাইগাঁও, 27 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ গৰাইমাৰীত বুধবাৰে আমছু আৰু স্থানীয় লোকে এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীটোক গৰাইমাৰীৰ তাহাবুল মণ্ডল বুলি চিনাক্ত কৰা হৈছে । ব্যৱসায়ীটোৱে নিজ চাহৰ দোকানত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আমছুৰ গৰাইমাৰী আঞ্চলিকৰ বিষয়ববীয়াৰ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগত হাতে-লোটে আটক কৰি আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ ধৃত তাহাবুল মণ্ডলৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু পাঁচটা খালি চিৰিঞ্জ জব্দ কৰে । জব্দকৃত ড্ৰাগছৰ পৰিমাণ ৯.৪১ গ্ৰাম । পাচত আৰক্ষীয়ে ড্ৰাগছসহ তাহাবুল মণ্ডলক বঙাইগাঁও আৰক্ষী চকীলৈ লৈ যায় । বঙাইগাঁও আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে । ইয়াৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে জানিব পৰা যাব । উল্লেখ্য যে, ড্ৰাগছৰ প্ৰচলনে ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে স্কুলীয়া ছাত্ৰ-ছাত্ৰী পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ সকলো লোক আসক্ত হৈ পৰিছে । এই ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু দৈনিক জিলাখনৰ কৰবাত হ’লেও ড্ৰাগছ সৰবহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ এই সফলতা জিলাখনৰ বাবে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক : Three peddler detained : বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি যুৱকক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.