Drug addicts detained at Lanka: লংকাত ড্ৰাগছসহ আটক ড্ৰাগছ সেৱনকাৰী

By

Published : Jan 30, 2023, 7:26 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

হোজাই, 30 জানুৱাৰী: নিচাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী যিমানেই কঠোৰ হৈছে, ড্ৰাগছৰ বিৰুদ্ধে যিমানেই জোৰদাৰ অভিযান চলিছে, সিমানেই বিভিন্ন কূট কৌশল অৱলম্বন কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়েও (Operation against drugs) ৷ কিন্তু স্থৱিৰ হোৱা নাই আৰক্ষীৰ অভিযান (Anti Drugs Mission in Assam) ৷ ৰাজ্যৰ মধ্যভাগৰ লগতে ড্ৰাগছ সৰবৰাহ হোৱা সীমামূৰীয়া অঞ্চলসমূহতো আৰক্ষীয়ে প্ৰতিনিয়ত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ হোজাই জিলাৰ লংকাৰ 4 নং ৱাৰ্ডত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে দুই যুৱকক স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায় (Mission against drugs at Lanka) ৷ জানিব পৰামতে যুৱক দুজনে ড্ৰাগছ সেৱন কৰি থকাৰ সময়ত লগত আছিল চাৰিটা সন্দেহজনক ড্ৰাগছৰ কণ্টেইনাৰ ৷ লগে লগে স্থানীয়ে লোকে যুৱক দুজনক আবদ্ধ কৰি সোধ পোছ কৰাৰ লগতে লংকা আৰক্ষীক খবৰ দিয়ে ৷  

স্থানীয় ৰাইজৰ পৰা খবৰ পোৱা মাত্ৰকে লংকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুই যুৱকক চমজি লয় (Drug addicts detained at Lanka) ৷ যুৱকদুজন ক্ৰমে শিবা সাহা( ১৬)আৰু দিবেস দাস (১৭) বুলি চিনাক্ত কৰা কৰে আৰক্ষীয়ে ৷  

আটকাধীন যুৱক দুজনৰ পৰা চাৰিটাকৈ সন্দেহজনক ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে (Drugs containers seized at Lanka)। ড্ৰাগছসেৱনকাৰী যুৱককেইজনে হোজাইৰ জনৈক বৌডি নামৰ মহিলা এগৰাকীৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ ইতিমধ্যে লংকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যুৱক দুজনক সোধ পোছৰ বাবে আৰক্ষী চকীলৈ লৈ যায় ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱক দুজনক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

ৰাজ্যৰ চহৰ-নগৰ, গাঁও সামৰি প্ৰায়সংখ্যক অঞ্চলতে ড্ৰাগছ বিক্ৰী আৰু সেৱনৰ দৰে সমাজধ্বংসী কাৰ্যকলাপ সংঘটিত হৈ আহিছে যদিও আৰক্ষীৰ সক্ৰিয় ভূমিকাই ড্ৰাগছৰ ব্যৱহাৰ আৰু সৰবৰাহ কিছু পৰিমানে ৰোধ কৰাত সফলতা লাভ কৰিছে । অন্যান্য জিলাৰ সমান্তৰালকৈ হোজাই জিলাতো বিভিন্ন স্থানত আৰক্ষীয়ে ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ বিগত সময়চোৱাত এই ধাৰাবাহিক অভিযানত ব্যাপক সফলতাও লাভ কৰিছে হোজাই আৰক্ষীয়ে (Hojai Police) ৷ 

লগতে পঢ়ক: Two NSCN KYA cadre arrested: অৰুণাচলৰ নামপঙত মাৰণাস্ত্ৰসহ দুই NSCN-KYA ৰ কেডাৰ আটক

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.