Poor Condition of Govt. Schools : সৰুপথাৰত দুটা কোঠাতেই চলিছে ৬টা শ্ৰেণীৰ পাঠদান

By

Published : Aug 8, 2023, 4:37 PM IST

thumbnail

সৰুপথাৰ, ৮ আগষ্ট: চৰকাৰে শিক্ষাখণ্ডত ব্য়াপক পৰিৱৰ্তন হোৱা বুলি ঢাক ঢোল বজাই থকাৰ সময়তেই গোলাঘাট জিলাৰ দক্ষিণ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুপথাৰ অঞ্চলৰ বেতনী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত দুটা কোঠাতেই চলিছে ৬টাকৈ শ্ৰেণীৰ পাঠদান । এই বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কাৰ্যালয়ো নাই । এটা শ্ৰেণীকোঠাৰ অলপমান ঠাইত মাজতে বেৰা দি কোনোমতে কাৰ্যালয়ৰ কাম চলাই আছে ।  

উল্লেখ্য় যে ১৯৬১ চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক বিদ্যালয়খনৰ ২০১২ চন মানলৈকে শ্ৰেণীকোঠাসমূহ ঠিকেই আছিল । কিন্তু ২০১২ চনৰ পিছত বিদ্যালয়খনৰ পুৰণি গৃহটো সম্পুৰ্ণৰূপে জহি খহি যায় । পুৰণি গৃহটোৰ বেৰসমূহত বৃহৎ বৃহৎ ফাঁট মেলিল । ওপৰৰ টিন সমূহো বতাহত নষ্ট হৈছে । কোন সময়ত গৃহটো ভাঙি পৰে তাৰ কোনো ঠিকনা নাইকীয়া হৈছে ।

বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত অতি কষ্টৰ মাজেৰে দুটা শ্ৰেণীকোঠাতেই তেতিয়াৰে পৰা ৮৪গৰাকী ছাত্ৰ-ছাত্ৰীক এনেদৰে পাঠদান কৰি আহিছে । যিসময়ত দেশখনৰ আন ৰাজ্য়ৰ লগতে অসমতো ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ প্ৰৱৰ্তন হৈছে সেই সময়তে ৰাজ্য়ৰ প্ৰাথমিক বিদ্যালয়ৰ এই দুৰাৱস্থাই সকলোকে চিন্তিত কৰি তুলিছে । বেতনি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখামণি ফুকনে বিভাগীয় কৰ্তৃপক্ষক এটি শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:Ranoj Pegu in Tinsukia : নিৰ্মীয়মান বুঢ়ীদিহিং আদৰ্শ মহাবিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.