Fake Currency Seized: হোজাইৰ নীলবাগানত বৃহৎ পৰিমাণৰ নকল টকা জব্দ

By

Published : May 1, 2023, 6:08 PM IST

thumbnail

হোজাই, 1 মে’: হোজাইৰ নীলবাগানত বাহনসহ বৃহৎ পৰিমাণৰ নকল টকা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ এজন ৷ হোজাই মহকুমাৰ নীলবাগানত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল টকা জব্দ কৰাৰ লগতে জব্দ কৰে এখন অল্ট' বাহন (Counterfeit notes seized in Hojai) ৷

এক গোপন সূত্ৰৰ ভিত্তিত নিশা ডবকা আৰক্ষী চকীৰ পৰিদর্শক বিপিন বৰাৰ নেতৃত্বত যোৱা এটি দল আৰু নীলবাগান আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত নীলবাগানত অভিযান চলায় ৷ অভিযানকালত এখন অল্ট বাহনৰ পৰা বৃহৎ পৰিমাণৰ নকল টকা উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷ উদ্ধাৰ হোৱা নকল টকাখিনিৰ পৰিমাণ ১ লাখ ৫৬ হেজাৰ পাঁচশ টকা বুলি জানিব পৰা গৈছে (Fake Currency Seized) ৷  

নকল টকাৰ লগতে এই অভিযানত সৰবৰাহ কৰা এজন খাছী যুবককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত যুৱকজনৰ নাম হ'ল মাপেয়া আমচি ৷ ধৃত যুৱকজনৰ ঘৰ মেঘালয়ৰ বিভয় জিলাৰ আমডুবি ঘটিত বুলি জানিব পৰা গৈছে (Fake Currency Seized in Hojai) ৷ যুৱকজনে ব্যৱহাৰ কৰা এ এছ-০১ ইউ ৬৩৫০ নম্বৰৰ অল্ট' গাড়ীখনো আৰক্ষীয়ে জব্দ কৰে ৷ ধৃত যুৱকজনে ক'ৰ পৰা এই নকল টকাখিনি কাক দিবলৈ আনিছিল সেয়া তদন্তৰ বাবে আৰক্ষীয়ে প্ৰকাশ কৰা নাই ৷ বৰ্তমান ধৃত যুৱকজনক হোজাই জিলা আৰক্ষীৰ শীর্ষ বিষয়াই জেৰা অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Road accident in Majuli: দুৰ্ঘটনাত পতিত বাহনৰ পৰা ওলাল এয়াৰ গান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.