Cattle seized in Guwahati: বিলাসী বাহনেৰে অবৈধভাৱে গো-ধন সৰবৰাহ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 6:22 PM IST

thumbnail

গুৱাহাটী, 30 অক্টোবৰ : ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে চোৰাং গৰুভৰ্তি বাহন ৷  

এইবাৰ ট্ৰাকেৰে নহয় বিলাসী বাহনেৰে অবৈধভাৱে সৰবৰাহ গো-ধন ৷ দেওবাৰে যোৰাবাট আৰক্ষীৰ জালত পৰে বিলাসী KIA বাহনসহ এটা গো সৰবৰাহকাৰী ৷ জানিব পৰা মতে দেওবাৰে মহানগৰীৰ মাজেৰে এখন নম্বৰ প্লেটবিহীন বাহনে অতি কৌশলেৰে সৰবৰাহ কৰিছিল 4 টাকৈ গো-ধন ৷ নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল বিলাসী KIA বাহনখন ৷

তেনে সময়তে যোৰাবাট আৰক্ষীৰ নিয়মীয়া তালাচীত ৰাষ্ট্ৰীয় ঘাইপথত গো-ধনসহ জব্দ কৰা হয় বিলাসী বাহনখন ৷ ধৃত সৰবৰাহকাৰীটো বাহনৰ চালক বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ 

লগতে পঢ়ক : Ganja Peddler detained: ৰাইজৰ ৰোষত পৰিল গাঞ্জা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.