গোলাঘাটত অব্যাহত চোৰৰ লুটপাত

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 3:23 PM IST

thumbnail

গোলাগাট,১২ জানুৱাৰী: গোলাঘাটত দিনকদিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । প্ৰত্যেক নিশাই গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে ঘৰত প্ৰৱেশ কৰি চলাইছে চাফাই অভিযান । বৃহস্পতিবাৰে নিশা  ঢেকীয়াল অঞ্চলৰ দিলোমণি দত্ত আৰু গনকপুখুৰী অঞ্চলৰ গকুল বৰদলৈৰ বাসগৃহৰ পৰা লক্ষ্যাধিক টকাৰ সা সম্পত্তি লুটি নিৰ্বিঘ্নে পলায়ন কৰে চোৰে । ইতিমধ্যে গণকপুখুৰীৰ গকুল বৰদলৈৰ বাসগৃহত চোৰে প্ৰৱেশ কৰাৰ সম্পূৰ্ণ ভিডিঅ' CCTV কেমেৰাত আবদ্ধ হৈছে ।  

উল্লেখ্য যে যোৱা প্ৰায় এসপ্তাহ ধৰি গোলাঘাটৰ বহু কেইটা অঞ্চলত গৃহস্থ নথকাৰ সুযোগ লৈ চুৰিকাৰ্য্য সংঘটিত কৰি আহিছে । উক্ত ঘটনাৰ সম্পৰ্কে পৰিয়ালৰ লোকে ইতিমধ্যে ঢেকীয়াল আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । উল্লেখ্য আৰক্ষীৰ নাকৰ তলতেই চোৰে চোৰ কৰি পলাই সাৰিবলৈ সক্ষম হৈছে । ৰাইজে বহু অভিযোগ উত্থাপিত কৰি আহিছে যদিও বৰ্তমানলৈকে এটাও চোৰক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । 

লগতে পঢ়ক: যোৰহাট কো-অপাৰেটিভ বেংকত উদ্ভণ্ডালি, প্ৰাপ্য ধন বিচাৰি মূৰে কপালে হাত দিলে গ্ৰাহকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.