Bohagi mohotsav at Moran: মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অষ্টবিংশতিতম ব’হাগী মহোৎসৱ

By

Published : Apr 28, 2023, 12:23 AM IST

Updated : Apr 28, 2023, 9:31 AM IST

thumbnail

ডিব্ৰুগড়, 27 এপ্ৰিল : মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বুধবাৰে নিশা অনুষ্ঠিত হৈ যায় অষ্টবিংশতিতম ব’হাগী মহোৎসৱ ৷ উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷  মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ অহা ব’হাগী মহোৎসৱে এইবাৰ ভৰি দিলেহি প্ৰায় আঠাইশ বছৰত (Bohagi mohotsav organused by Moran AASU) ৷

অষ্টবিংশতিতম ব’হাগী মহোৎসৱৰ লগত সংগতি ৰাখি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অসমৰ জনগোষ্ঠীসমূহৰ ভাষা, ৰীতি-নীতি, সংস্কৃতি, পৰম্পৰা আদি সামৰি প্ৰকাশ কৰা হয় "এনাজৰী" নামৰ এখন স্মৃতিগ্ৰন্থ । এই গ্ৰন্থ আৰু সাংস্কৃতিক মঞ্চ মুকলি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা (Bohagi mohotsav at Moran) । 

মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰকাশ কৰা এই গ্ৰন্থখনৰ সন্দৰ্ভত প্ৰশংসা কৰি শংকৰজ্যোতি বৰুৱাই সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, "এনাজৰী" নামৰ গ্ৰন্থখনৰ গুৰুত্ব আছে, গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী সকলক গৱেষণাৰ বাবে যথেষ্ট উপকৃত কৰিব ৷ সেয়েহে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰকাশ কৰি অহা এনাজৰী নামৰ গ্ৰন্থখন একত্ৰিত কৰি এটা বা দুটা সংস্কৰণত প্ৰকাশ কৰিবৰ বাবে উদ্যোক্তা সকলক আহ্বান জনাই আৰু ইয়াৰ দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাই ল’ব বুলিও মত প্ৰকাশ কৰে তেওঁ । ব’হাগী মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল সুবাসনা দত্তৰ গীতৰ শৰাই ।

লগতে পঢ়ক : Philobari Husori controversy: ছোৱালীয়ে ধুতি পিন্ধি হুঁচৰি গোৱাই হ’ল অপৰাধ; নিমন্ত্ৰণ কৰিও নিদিলে প্ৰদৰ্শন কৰিবলৈ

Last Updated : Apr 28, 2023, 9:31 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.