আমগুৰিৰ জাঁজী নৈত উদ্ধাৰ অচিনাক্ত মৃতদেহ

By

Published : Aug 14, 2022, 4:45 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দেওবাৰে পুৱাই শিৱসাগৰ জিলাৰ আমগুৰিত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আমগুৰিৰ জাঁজী নদীত উদ্ধাৰ হোৱা এটা অচিনাক্ত মৃতদেহক (Body found at Amguri) কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ । আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আমগুৰি সাউদ গাঁৱত জাঁজী নদীৰ পানী জুৱলীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা মৃতদেহ । তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ বাতৰি যুগুত কৰা সময়ত সেই স্থানত উপস্থিত হয় ৰাজহ চক্ৰ বিষয়া মিতালী লাহনো ৷ ইতিমধ্যে আমগুৰি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ (Jaisagar Civil Hospital) প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.