Congress AIUDF alliance : কংগ্ৰেছৰ-এআইইউডিএফ সদায় একেলগে আছিল আৰু থাকিব; দিলীপ শইকীয়াৰ

By

Published : Jun 20, 2023, 1:04 PM IST

thumbnail

ৰৌতা, 20 জুন : অহা ২৩ জুনত বিহাৰৰ পাটনাত অনুষ্ঠিত হ’ব দেশৰ বিৰোধী ঐক্যৰ বৈঠক । বৈঠকত অংশগ্ৰহণ কৰিব এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলেও । তাতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক সাক্ষাৎ কৰিব এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে । এই বিষয়টো সন্দৰ্ভত দলটোক তীব্ৰ কটাক্ষ কৰে মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই যিমানেই আস্ফালন নকৰক কিয় , কংগ্ৰেছ আৰু এআইইউডিএফ সদায় একেলগে আছিল, একেলগে আছে আৰু একেলগে থাকিব বুলি কয় । 

ওদালগুৰি জিলাৰ ওৰাঙত অনুষ্ঠিত বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত হৈ এইদৰে দেশৰ প্ৰধান বিৰোধী দলটোক কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই । ভাৰতীয় জনতা পাৰ্টীৰ মাহজোৰা মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে সোমবাৰে সন্ধিয়া ওৰাঙত অনুষ্ঠিত হয় জেষ্ঠ কাৰ্যকৰ্তা সন্মিলন । মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌতা, ধনশ্ৰী আৰু পাচঁনৈ ছেৰফাং মণ্ডলৰ যৌথ উদ্যোগত আয়োজিত সন্মিলনত অংশগ্ৰহণ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । 

দলৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ কষ্ট -ত্যাগ স্বীকাৰ কৰি অহা প্ৰায় দুই শতাধিক জ্যেষ্ঠ-শ্ৰেষ্ঠ কাৰ্যকৰ্তাক সন্মান জনোৱা হয় ৷

লগতে পঢ়ক  : Manik sarkar in Assam: আৰএছএছৰ নিৰ্দেশত পৰিচালিত হৈ আছে চৰকাৰ: মাণিক সৰকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.