Birendra Kumar Bhattacharya birth centenary: টীয়কত ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জন্ম শতবৰ্ষৰ শুভাৰম্ভণি

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 3:33 PM IST

thumbnail

টীয়ক,১৪ অক্টোবৰ: টীয়কত অসম সাহিত্য সভাৰ উদ্যোগত ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জন্ম শতবৰ্ষ শুভাৰম্ভণি অনুষ্ঠান অসম সাহিত্য সভা টীয়ক শাখা আৰু টীয়কীয়া ৰাইজৰ আতিথ্যত শনিবাৰে আৰম্ভ কৰা হয় । টীয়ক ৰাজহুৱা প্ৰেক্ষাগৃহত এই উপলক্ষত আয়োজিত অনুষ্ঠানৰ পুৱা মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ সুৰ্যকান্ত হাজৰিকাই । লগতে উত্তোলন কৰা হয় ১০০ খন পতাকা আৰু উক্ত পতাকা সমূহ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, টীয়কৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তিসকলে উত্তোলন কৰে ।  

তাৰ পাছতে এই উপলক্ষে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে উদ্যোক্তাসকলে । য'ত অসমীয়া সমাজ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হয় । ইফালে শোভাযাত্ৰাৰ পাছতে মুকলি সভা অনুষ্ঠিত কৰা হয় । উক্ত মুকলি সভাত অসমৰ সাহিত্য জগতৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক,চিন্তাবিদ তথা কেইবাগৰাকীও ৰাজনৈতিক নেতা উপস্থিত থাকে । লগতে সমূহ অনুষ্ঠানত সকলো টীয়কবাসীৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।  

লগতে পঢ়ক: 35th Morigaon district day:মৰিগাঁও জিলা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.