সুদীৰ্ঘ সময়ৰ পিচত মঞ্চত তবলা বজালে সূৰ্য গোস্বামীয়ে

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:56 PM IST

thumbnail

কলিয়াবৰ, ১০ ডিচেম্বৰঃ সুদীৰ্ঘ ১৬ বছৰ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সৈতে তবলা সংগত কৰা শিল্পী সূৰ্য গোস্বামীয়ে কলিয়াবৰত ৰাইজৰ অনুৰোধ মৰ্মে দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত শনিবাৰে নিশা মঞ্চত সংগত কৰিলে তবলা । এই শিল্পীগৰাকীয়ে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁইৰ লগত তাবলা সংগত কৰে ৷ তাবলাত আঙুলিৰ লয়ৰে এক মায়াময় পৰিবেশৰ সৃষ্টিৰে শ্ৰোতা-দৰ্শকক আপ্লুত কৰা শিল্পীগৰাকীয়ে এতিয়া তাবলা বজালে ভাগৰ অনুভৱ কৰে বুলি মনৰ ভাব ব্যক্ত কৰে ৷  

উল্লেখযোগ্য যে এই বৰ্ষৰ অসম প্ৰশাসনিক সেৱাৰ বাচনি পৰীক্ষাত সূৰ্য গোস্বামী কি বাদ্যৰ সৈতে জড়িত বুলি প্ৰাৰ্থীক প্ৰশ্ন কৰাৰ জৰিয়তে তেওঁৰ শিল্পীসত্তাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি । কলিয়াবৰ হাটবৰ নাট্য সমাজ ভৱনত মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতাত শিল্পী সূৰ্য গোস্বামীয়ে বিচাৰকৰ আসন অলংকৃত কৰে । তবলাৰে শিল্পীগৰাকীয়ে সৃষ্টি কৰা মায়াময় পৰিবেশৰ সাক্ষী হৈ ৰয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰীয়া ৰাইজ ।

লগতে পঢ়ক:মটৰ চাইকেলেৰে ৬৭ খন দেশ ভ্ৰমণ কৰিব গুৱাহাটীৰ মীনাক্ষী দাসে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.