মেলেঙত আটাছুৰ উদ্যোগত অসম দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 7:17 PM IST

thumbnail

টীয়ক, 2 ডিচেম্বৰ : আজি ছ্যু-কা-ফা দিৱস তথা অসম দিৱস ৷ আজিৰ দিনটোত স্বৰ্গদেউ ছ্যু-কা-ফাক অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে টাই আহোম ছাত্ৰ সন্থা মেলেং আঞ্চলিক সমিতিৰ উদ্যোগত মেলেংস্থিত স্থায়ী কাৰ্যালয়ত শনিবাৰে পালন কৰা হয় ছ্যু-কা-ফা দিৱস ৷  

পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ পাছত আটাছুৰ মেলেং আঞ্চলিক সমিতিৰ উপদেষ্টা ধ্ৰুৱজ্যোতি বৰপাত্ৰগোহাঁইৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ এই সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কুমুদ গগৈ, যোৰহাট জিলা আটাছুৰ প্ৰচাৰ সম্পাদক অংকুৰ চেতিয়া, পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন, বিজেপি নেত্ৰী ৰুমী চেতিয়া, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰীতিম জ্যোতি শইকীয়া, টীয়ক আছুৰ প্ৰাঞ্জল বৰাকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷

ইফালে এই সভাৰ পৰাই ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰা ওলাই আহি অনতি পলমে টাই আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে চৰকাৰক ৷ অন্যথা ইয়াৰ প্ৰত্যুত্তৰ 2024 ৰ লোকসভা নিৰ্বাচনত ৰাইজে দিব বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ৷ 

লগতে পঢ়ক : ধেমাজিৰ ঐতিহাসিক হাবুঙত অসম দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.