FIR Against Badruddin Ajmal: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তাৰাবাৰী থানাত গোচৰ তৃণমূল কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 3:32 PM IST

thumbnail

বৰপেটা, ৯ নৱেম্বৰ : এআইডিইউএফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এইবাৰ গোচৰ দাখিল কৰিলে বৰপেটা জিলা তৃণমূল কংগ্ৰেছে ৷ বদৰুদ্দিন আজমলে প্ৰদান কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰোধিতা কৰি বৰপেটা জিলাৰ তাৰাবাৰী থানাত গোচৰ দাখিল কৰিলে তৃণমূল কংগ্ৰেছৰ বৰপেটা জিলা সমিতিয়ে ৷

তৃণমূল কংগ্ৰেছৰ বৰপেটা জিলা সমিতিৰ সভাপতি ফৰহাদ ভূঞাৰ নেতৃত্বত এটি সজাতি দলে তাৰাবাৰী থানাত উপস্থিত হৈ দাখিল কৰিলে এজাহাৰ । যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে । "ভাৰতত শাসন কৰিবলৈ হ'লে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব" বুলি মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে ।

ৰাজনৈতিক নেতাসকলক প্ৰৰোচনামূলক আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰিছে বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ফৰহাদ ভূঞাই । উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অসম আৰক্ষী তথা তাৰাবাৰী আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে তৃণমূল কংগ্ৰেছৰ নেতা ফৰহাদ ভূঞাই । একাংশ ৰাজনৈতিক নেতাৰ প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্যই অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতিৰ প্ৰতি ভাবুকি অনা বুলিও এজাহাৰত উল্লেখ কৰিছে বৰপেটা জিলা তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক : Modi Slams Congress : বিজেপি ভক্তিত নিমজ্জিত আৰু কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত দল; প্ৰধানমন্ত্ৰী মোদী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.