Child Marriage in Assam: শীঘ্ৰেই অসমত চলিব বাল্যবিবাহ বিৰোধী বৃহৎ অভিযান; মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 11:04 PM IST

thumbnail

গুৱাহাটী,10 ছেপ্টেম্বৰ: দুদিনীয়াকৈ প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা‌ ৷ উক্ত সভাত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সভাত কংগ্ৰেছক সমালোচনাৰ লগতে বাল্যবিবাহ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘বাল্যবিবাহ ৰোধৰ বাবে জি-20ৰ পিচতে আৰু 2-3 হাজাৰক লোকক গ্ৰেপ্তাৰ কৰা হ’ব । আমি পাঁচ হাজাৰ লোকক পূৰ্বে বাল্যবিবাহৰ বাবে গ্ৰেপ্তাৰ কৰিছিলো ৷  যি সময়ত বিদ্যালয়লৈ যাব লাগে সেই সময়ত অৰ্থাৎ 12 বছৰ বয়সত এজনী কিশোৰীক মাতৃত্বৰ বোজা দিয়া হৈছিল ৷ ই আমাৰ বাবে অতি দুৰ্ভাগ্যজনক আছিল ৷ মই কোৰাণৰ সন্দৰ্ভত কিছু কথা পাতিছিলো মৌলানাৰ লগত ৷ য’ত তেওঁলোকে মোক কৈছিলে যে কোৰাণে কেতিয়াও তেনে কৰিবলৈ কোৱা নাই ৷ মোৰ বিশ্বাস শীঘ্ৰে ভাৰতত মহিলাৰ ক্ষেত্ৰত থকা বৈষ্যম দূৰ হ’ব ৷’’

লগতে পঢ়ক:BJP Mahila Morcha Meets: কংগ্ৰেছে ‘I.N.D.I.A’ নাম লোৱাৰ কোনো অধিকাৰ নাই; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.