37th National Games: নেশ্যনেল গেমচত উজলিল মৰাণৰ খেলুৱৈ প্ৰণীতা চুতীয়া

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 10:01 PM IST

thumbnail

ডিব্ৰুগড়, 12 নৱেম্বৰ : 25 অক্টোবৰৰ পৰা 9 নৱেম্বৰলৈকে গোৱাত অনুষ্ঠিত 37 তম নেশ্যনেল গেমচত উজলিল মৰাণৰ খেলুৱৈ । স্কুৱেৰ মাৰ্চিয়েল আৰ্ট মিক্স এৰ'ত দলীয় শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মৰাণৰ যুৱতী প্ৰণীতা চুতীয়াই ।

অসম দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈ প্ৰণীতা দেওবাৰে মৰাণত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈগৰাকীক উষ্ম আদৰণি জনায় বিভিন্ন দল-সংগঠনে ৷ মৰাণ নগৰৰ মাজমজিয়াত আজি আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাৰ উদ্যোগত বিভিন্ন দল-সংগঠনে খেলুৱৈ প্ৰণীতা চুতীয়াৰ লগতে অন্যান খেলুৱৈসকলকো উষ্ম আদৰণি জনায় ৷

উল্লেখ্য যে, এই গৰাকীৰ প্ৰতিভাৱান খেলুৱৈ চুতীয়াই এটা বছৰ পূৰ্বে আলফাৰ স্বাধীনৰ সমৰ্থনত ফেচবুকত লিখাৰ বাবে চৰকাৰৰ ৰোষত পৰি কেইদিনমান জেইলত থাকিব লগীয়া হৈছিল । জেইলৰ পৰাই ওলায়েই অনুশীলনত ব্যস্ত হোৱা প্ৰণীতা চুতীয়াৰ এই সফলতাই উৎফুল্লিত কৰিছে মৰাণবাসীক ৷

লগতে পঢ়ক:Minister Jogen Mohan reaction: দেশৰ সুস্থ গণতন্ত্ৰ জীয়াই থকাৰ স্বাৰ্থত ৰাজনীতিৰ পৰা দাগী অপৰাধীক বিদায় দিয়াতো জৰুৰী: যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.