Anganwadi Workers Protest in Jonai: জোনাইত অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Apr 25, 2023, 9:05 PM IST

thumbnail

জোনাই, ২৫ এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো আজি জোনাই মূৰ্কংচেলেক শিশু উন্নয়ণ প্ৰকল্পৰ সৌজন্যত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । মূৰ্কংচেলেক শিশু উন্নয়ণ প্ৰকল্পৰ কাৰ্যালয়ত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত জোনাইৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰৰ প্ৰায় শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই অংশগ্ৰহণ কৰে (Anganwadi Workers Protest in Jonai) ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৰিশ্ৰমৰ মূল্যৰ বিপৰীতে অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সকলক মজুৰি প্ৰদান কৰা, মজুৰি দিব নোৱাৰা পৰ্যন্ত মাহিলী দহ হাজাৰ টকা আদায় দিয়া, কৰ্মচাৰী সকলৰ প্ৰমোচনৰ ব্যৱস্থা কৰাৰ উপৰিও বয়সৰ সীমা উঠায় দিয়াৰ লগতে মিনি কেন্দ্ৰ সমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা আদি দাবী চৰকাৰৰ আগত ৰাখে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে (Anganwadi Workers and Helpers Association ) ৷ এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতীবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই জোনাই মহকুমাৰ অতিৰিক্ত সহ-আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীলৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : Rising periods of Govt school: চৰকাৰী বিদ্যালয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে অভিভাৱকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.