যোৰহাটত মন্ত্ৰী কেশৱ মহন্তক জবাবদিহি কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:11 PM IST

thumbnail

যোৰহাট, 4 ডিচেম্বৰ : 2009 বৰ্ষতে স্থাপিত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে আজিকোপতি নাপালে পূৰ্ণাংগ ৰূপ ৷ ফলত বিভিন্ন সময়ত ৰোগী তথা ৰোগীৰ অভিভাৱকে সন্মুখীন হয় বিভিন্ন সমস্যাৰ ৷  

বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অহাৰ সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জবাবদিহি কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিনে চিটি স্কেন মেচিনৰ লগতে অন্যান্য উপযোগী যন্ত্ৰাংশ বিকল হৈ আছে ৷ সেয়েহে এই সন্দৰ্ভত মন্ত্ৰী মহন্তৰ পৰা উত্তৰ বিচাৰে সংগঠনটোৱে ৷

ইয়াৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে এই সমস্যা সমাধানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু কম সময়ৰ ভিতৰতেই JMCH ত চিটি স্কেনৰ মেচিনৰ লগতে অন্যান্য যন্ত্ৰ-পাতি সমূহ স্থাপন কৰা হ’ব ৷ লগতে শীঘ্ৰেই মেডিকেল কলেজখনৰ অন্যান্য সমস্যা সমূহ পৰ্যায় ক্ৰমে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে যোৰহাটত এখন চুপাৰ স্পেচিয়েলিটি হস্পিতাল প্ৰতিষ্ঠা কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক আশ্বাস দিয়ে ৷ উল্লেখ্য যে, দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আহত সকলৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ 

লগতে পঢ়ক : গুৱাহাটীৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হ’ব বিশেষজ্ঞ চিকিৎসক-স্বাস্থ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.