AASU Protest in Nalbari: নলবাৰীত ছাত্ৰ সন্থাই কঁপালে ৰাজপথ

By

Published : Jul 14, 2023, 4:56 PM IST

thumbnail

নলবাৰী, ১৪ জুলাই: অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সমগ্ৰ ৰাজ্যতে আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ নলবাৰী জিলা ছাত্র সন্থাই নলবাৰী চহৰৰ প্ৰতিটো পথেৰে এক প্ৰতিবাদী সমদল উলিয়াই কঁপাই তোলে আকাশ বতাহ । অসম চৰকাৰ হায় হায়,যোগান বিভাগ হায় হায় , মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায় আদি শ্লো’গানেৰে কঁপাই তোলে নলবাৰী চহৰৰ ৰাজপথ ।

‘বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই ৷ মধ্যভোগী দালালে সৃষ্টি কৰিছে মূল্যবৃদ্ধি ৷ প্ৰকৃত কৃষকে নাপায় উপযুক্ত মূল্য ৷ যোগান বিভাগ শুই আছে, বগা হাতীলৈ পৰিণত হৈছে যোগান বিভাগ ৷ মূল্যবৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উপলুঙা মন্তব্য কৰিছে ৷ জিলা আয়ুক্তৰ নেতৃত্বত গঠন কৰিছে কমিটি কিন্তু সফল হোৱা নাই ৷ নাম মাত্ৰ কমিটি গঠন কৰিছে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী ছাত্ৰ নেতাসকলৰ ৷ 

লগতে পঢ়ক:Price Hike in Assam: চৰা দাম ! নলবাৰীত যোগান বিভাগৰ শ্মশান যাত্ৰা উলিয়ালে যুৱ ছাত্ৰ পৰিষদে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.