Medium movement : AASU ৰ প্ৰতিবাদত কঁপিল নগাঁও

By

Published : Jun 15, 2023, 4:04 PM IST

thumbnail

নগাঁও, ১৫ জুন : মাধ্যম বিতৰ্কক লৈ ৰাজ্যত আছুৰ প্ৰতিবাদ অব্যাহত । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আছুৰ জিলা সমিতিসমূহে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে ।  

বৃহস্পতিবাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাই নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ পৰা উলিয়াই এক প্ৰতিবাদী সমদল ।

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শেহতীয়াকৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন । পিছে এই প্ৰতিবাদক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া হ'ব লক্ষণীয় । 

লগতে পঢ়ক: Assam Flood 2023 : ৪ জিলা বানৰ কবলত; বছৰটোৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত প্ৰায় ২১ হাজাৰ লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.