Protest in Dibrugarh : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ আছুৰ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:05 PM IST

thumbnail

ডিব্ৰুগড়, 23 ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰে 11 হাজাৰকৈ চৰকাৰী বিদ্যালয় বন্ধৰ বাবে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদৰ ঢৌ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ ৷ ডিব্ৰুগড় চহৰৰ চৌকিডিঙী চাৰিআলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলা ছাত্র সন্থাই ৷

ৰাজ্যখনৰ লগতে ডিব্ৰুগড় জিলাৰ প্ৰায় ৪০০ ৰো অধিক চৰকাৰী বিদ্যালয় বন্ধৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক মানি লোৱা নহ'ব বুলি হুংকাৰ আছু নেতৃত্বৰ ৷ চৰকাৰী বিদ্যালয় সমূহৰ আন্তঃগাথঁনি সৱলীকৰণৰ বিপৰীতে বন্ধৰ দৰে হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে আছুৱে ৷

এই সিদ্ধান্ত গ্ৰহণ কৰি কেৱল মাত্ৰ ব্যক্তিগত বিদ্যালয় সমূহৰ পৰা কমিচন খোৱাৰ চিন্তা চৰকাৰে কৰিছে বুলিও কয় ডিব্ৰুগড় আছুৰ নেতৃত্বই । অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে আছুৱে তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ শ্বহীদ ভৱনৰ পৰা চৌকিডিঙী চাৰিআলিলৈকে এক বিশাল প্ৰতিবাদী সমদলো বাহিৰ কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ৷ 

লগতে পঢ়ক :  FIR against the Assam CM: ঘৃণা বিয়পোৱাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল মহিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.