AAP protest in Tezpur:তেজপুৰত প্ৰি-প্ৰেপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

By

Published : Jun 13, 2023, 4:02 PM IST

thumbnail

তেজপুৰ, ১৩ জুন : অত্যাধিক বিদ্যুতৰ বিলে জলা-কলা খুৱাইছে ৰাজ্যবাসীক ৷ কোনোৱে বিদ্যুৎ যোগান কাৰ্যালয়লৈ গৈ প্ৰতিবাদ কৰিছে নহ’লে কোনোৱে ছ’চিয়েল মিডিয়াত ৷ মুঠতে সৰ্বত্ৰে এতিয়া বিদ্যুতৰ মাচুলক লৈ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৷

অত্যাধিক বিদ্যুতৰ বিল দেখি ক্ষোভত ফাটি পৰিছে সাধাৰণ জনতা ৷ নতুন প্ৰি-প্ৰেপেইড স্মাৰ্ট মিটাৰত ব্যতিব্যস্ত হৈ সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । বিদ্যুত বিভাগে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ বাবে এই প্ৰি-প্ৰেপেইড স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমী পাৰ্টীৰ তেজপুৰ সমষ্টিৰ সমিতিয়ে ।

বৰ্দ্ধিত মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰৰ অত্যধিক বিলৰ বাবে চৰকাৰক সমালোচনা কৰিছে আম আদমী পাৰ্টীয়ে । আপৰ কৰ্মী সকলে শক্তিমন্ত্ৰী মূর্দাবাদ, অসম চৰকাৰ মূর্দাবাদ ধ্বনিৰে তেজপুৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে  ।

লগতে পঢ়ক : JICA project: ব্লেকলিষ্টেত কোম্পানীৰ কামৰ ভুলৰ বাবে জাইকা প্ৰকল্পৰ পানীৰ পাইপত জলবিস্ফোৰণৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.