AAP MP Sanjay Singh arrested: সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰৰ বিৰোধিতা আপ অসমৰ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:17 PM IST

thumbnail

গুৱাহাটী, 4 অক্টোবৰ : আপৰ সাংসদ সঞ্জয় সিঙৰ বাসগৃহত বুধবাৰে পুৱা প্ৰৱৰ্তক সঞ্চালকালয়ে (ED) চলোৱা অভিযান তথা সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰি সভাপতি ডাঃ চৌধুৰীয়ে‌ কয় যে, আপে বিজেপি চৰকাৰক ভয় নকৰে ৷ কোনো আপৰ নেতাই বিজেপি চৰকাৰৰ ওচৰত শিৰ নত নকৰে ৷ তেওঁ কয় যে আপৰ জনপ্ৰিয়তা আৰু সাংসদ সঞ্জয় সিঙৰ বলিষ্ঠ কণ্ঠ ৰুদ্ধ কৰাৰ বাবে বিজেপি চৰকাৰে এই চক্ৰান্ত কৰিছে ৷  

উল্লেখ্য যে দিল্লীৰ বহুচৰ্চিত সুৰা কেলেংকাৰীৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে (ED) বুধবাৰে আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰে ৷ ED ৰ দলে সাংসদ সিঙৰ দিল্লীস্থিত চৰকাৰী বাসগৃহত পুৱা অভিযান চলাইছিল ৷ তাৰ পিছত প্ৰায় 10 ঘন্টাজুৰি চলা সোধা-পোছাৰ অন্তত বিয়লি 5.15 বজাত আপৰ সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ 

লগতে পঢ়ক : AAP MP Sanjay Singh arrested: সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ আপৰ সাংসদ সঞ্জয় সিং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.