Amguri Abuse news: প্ৰথমে গ্ৰাহকক অশ্ৰাব্য গালি; ওভটি ধৰাত আঁঠু কাঢ়ি প্ৰাণ ভিক্ষা; আমগুৰিৰ হোটেলত অথন্তৰ

By

Published : Aug 7, 2023, 1:23 PM IST

thumbnail

আমগুৰি, 7 আগষ্ট: অসমীয়া যুৱকক অশ্লীল ভাষাৰে গালি-গালাজ বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ ৷ এই ঘটনা সংঘটিত হ’ল আমগুৰিত ৷ জানিব পৰা মতে আমগুৰি-মৰিয়ণি পথত থকা এখন বিহাৰী সম্প্ৰদায়ৰ হোটেলত চাহ খাবলৈ প্ৰৱেশ কৰিছিল এজন যুৱকে ৷ তেনে সময়তে যুৱকজনক অশ্লীল ভাষাৰে গালি-গালাজ পাৰে হোটেলখনৰ কৰ্মচাৰীয়ে ৷  

এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় অসমীয়া যুৱ মঞ্চৰ নেতা ৷ তাৰ পাচতে বিহাৰী সম্প্ৰদায়ৰ যুৱকজনক ক্ষমা খুজিবলৈ বাধ্য হয় ৷ ইদু মহম্মদ নামৰ হোটেলৰ কৰ্মচাৰীজনে আঁঠু কাঢ়ি, কাণত ধৰি ভৱিষ্যতে এনে কাম নকৰো বুলি ক্ষমা খোজে ৷ আনহাতে আমগুৰি আৰক্ষীয়ে ইদু মহম্মদ নামৰ যুৱকজনক আটক কৰে ৷ ইতিমধ্যে অসমীয়া যুৱ মঞ্চই আমগুৰি আৰক্ষী থানাত ইদু মহম্মদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:Controversy in Chilarai Bhavan: চিলাৰায় ভৱন নিৰ্মাণত আৱণ্টিত পুঁজিক লৈ বিতৰ্ক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.