Cow theft: একেনিশাই তিনিটাকৈ গোহালিত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 2:03 PM IST

thumbnail

বঙাইগাঁও, 3 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা ৷ এইবাৰ গৰুচুৰিক লৈ বঙাইগাঁও জিলাৰ মাজগাঁৱত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে নিশাৰ ভাগত মাজগাঁৱত চোৰৰ চাফাই অভিযান, একেনিশাই তিনিটা পৰিয়ালৰ 6 টাকৈ গৰু লৈ উধাও হয় চোৰ ৷ 

ইয়াৰ পিচতে পৰিয়াকেইটাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ভুক্তভোগী মাজগাঁৱৰ শহিলা বালা ৰায়ৰ গোহালিৰ এটা গৰু, জটিল ৰায়ৰ গোহালিৰ দুটা গৰু আৰু ললিত ৰায়ৰ গোহালিৰ তিনিটা গৰু লৈ উধাও হয় চোৰ ৷

যেনেতেনে দুবেলা দুমুঠি খাই থকা পৰিয়ালকেইটাত গৰুকেইটাই আছিল উপাৰ্জনৰ উৎস ৷ এতিয়া এনেদৰে গৰকেইটা চুৰি কৰি লৈ যোৱাত শোকত ভাগি পৰিছে তিনিওটাকৈ পৰিয়াল ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত বঙাইগাঁও সদৰ আৰক্ষীক খবৰ দিয়া হৈছে ৷

লগতে পঢ়ক: Cyber crime in Assam : মৰিগাঁও আৰক্ষীৰ জালত 5 চাইবাৰী অপৰাধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.