Youth suicide case: আধৰুৱা হ’ল চিকিৎসক হোৱাৰ সপোন; পৰীক্ষাত অনুতীৰ্ণ হৈ আত্মহনন ছাত্ৰৰ

By

Published : Mar 7, 2023, 5:45 PM IST

thumbnail

ডিফু, 7 মাৰ্চ : ৰাজ্যজুৰি হোলীৰ আনন্দৰ মাজতেই ডিফু চিকিৎসা মহাবিদ্যালয়ত অঘটন সংঘটিত হৈছে (Diphu Medical College Hospital suicide case) ৷ সোমবাৰে প্ৰথম ষাণ্মাষিকৰ পৰীক্ষাত অসফল হৈ আত্মহননৰ চৰম পথ বাচি ল’লে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰই ৷ এগৰাকী সফল চিকিৎসক হোৱাৰ সপোনলৈ ডিফু চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল বোকাজানৰ কমলে (Student committed suicide ) ৷  

চিকিৎসা বিজ্ঞানৰ প্ৰথমটো পৰীক্ষাত অসফল হৈ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ কমল ব্ৰহ্মই আত্মহত্যা কৰে ৷ ছাত্ৰ গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত চিপ লৈ আত্মহত্যা কৰে ৷ এই ঘটনাৰ পিচতে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা সুমিত্ৰা হাগজেৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ছাত্ৰগৰাকীৰ চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তিনিওটা বিষয়তে ছাত্ৰজন অনুতীৰ্ণ হৈছিল (Youth suicide case in Diphu) ৷ 

ছাত্ৰগৰাকীয়ে এই সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰিছিল আৰু অধ্যাপকসকলে ছাত্ৰ জনক সকলো প্ৰকাৰৰ সহায়-সহযোগৰ আশ্বাস প্ৰদান কৰিছিল ৷ ইয়াৰ পিচতেই ছাত্ৰগৰাকী আৱাসলৈ যায় আৰু বহু দেৰিলৈকে ছাত্ৰাৱাসৰ পৰা ওলাই নহাত ছাত্ৰজনৰ সহপাঠীয়ে বিচাৰ-খোচাৰ কৰাত ছাত্ৰজনক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে ৷  

ইতিমধ্যে এই ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷  সম্প্ৰতি আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো নমাই মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইফালে এই ঘটনাৰ পিচত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷ 

লগতে পঢ়ক: Suicide case in Bhupen Hazarika Setu: ধলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেঁতুৰ পৰা এগৰাকী কিশোৰী জপিওৱাক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.