Child Death in Barpeta: এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত নাবালকৰ মৃত্যু

By

Published : Feb 4, 2023, 8:32 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

বৰপেটা, ৪ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰত অঘটন । এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত মাটিৰ চপৰাৰ তলত পৰি অকাল মৃত্যুক আঁকোৱালি লয় এটি ১৩ বছৰীয়া নাবালকে(Child Death in Barpeta) । মৃত নাবালকটি চানপুৰ গাঁৱৰ আব্দুল কৰিমৰ একমাত্ৰ পুত্ৰ বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ৷ এক্সেভেটৰ চালকৰ অজ্ঞতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ ইফালে ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ ।

বাহাৰুল ইছলামে ঘৰৰ ওচৰতে থকা খালৰ পাৰত সমনীয়াৰ সৈতে খেলি থকা সময়তে এই ঘটনা সংঘটিত হয় । বাহাৰুলে খেলি থকা সময়তে ওচৰৰে এটা খালত এক্সেভেটৰেৰে মাটি খান্দি থকা প্ৰত্যক্ষ কৰি আগুৱাই গৈ সেই কাম চাই থকা সময়তে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা । AS 01 MC 7434 নম্বৰৰ এক্সেভেটৰ চালকৰ অজ্ঞতাৰ বাবেই হওঁক অথবা অৱজ্ঞাৰ ফলতেই হওঁক তেওঁ মাটি খান্দি থকা সময়ত এক্সেভেটৰৰ ওচৰত ৰৈ থকা বাহাৰুল ইছলামক প্ৰত্যক্ষ নকৰাকৈ মাটি খান্দি গৈ আছিল ৷

লগতে পঢ়ক: Labour death on duty at sonari: পকী বেৰ ভাঙি বৰহাট চাহ বাগিচাত শ্ৰমিকৰ মৃত্যু

এক্সেভেটৰ চালকজনে মাটি খান্দি থকা ঠাইৰ মাটিৰ চাপ ভাঙি পৰি যোৱাত দুৰ্ভাগ্যজনকভাৱে মাটিৰ চপৰা ভাঙি মাটিৰ চাপৰ তলত পৰে কণমানিটি । ইফালে সমনীয়াই বাহাৰুলৰ বিচাৰি নাপাই পৰিয়ালক অৱগত কৰায় । লগে লগে স্থানীয় ৰাইজ উক্ত স্থানত উপস্থিত হৈ বাহাৰুলৰ বিচাৰ-খোচাৰ আৰম্ভ কৰাৰ লগতে বহু সময় মাটি খান্দি থকাৰ পাছত বাহাৰুলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

তেওঁলোকে লগে লগে বাহাৰুলক বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত(Barpeta civil hospital) ভৰ্তি কৰায় যদিও চিকিৎসকে ইতিমধ্যে নাবালকটিৰ মৃত্যু হোৱা বুলি পৰিয়ালক জনায় । উল্লেখযোগ্য যে চানপুৰ চৰত আব্দুল হকৰ মাটিত কেইদিন ধৰি চলি আছিল মাটি খনন কাৰ্য । ইতিমধ্যে ঘটনাস্থলীত কলগাছিয়া আৰু বালিকুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । 

লগতে পঢ়ক: Child killing: কণমানি ডিম্পীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত শিৱসাগৰ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.