Students protest: স্থায়ী অধ্যক্ষৰ নিযুক্তিৰ দাবীত ধেমাজিত শিক্ষাৰ্থীৰ প্ৰতিবাদ

By

Published : Aug 3, 2022, 10:59 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বুধবাৰে ধেমাজি উচ্চ শিক্ষাৰ দ্বিতীয়খন অনুষ্ঠান ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনত স্থায়ী অধ্যক্ষৰ নিযুক্তিৰ দাবী জনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Dhemaji Commerce College's students protest) ৷ কিয়নো বিগত ২০১৪ চনৰ পৰাই ভাৰপ্ৰাপ্ত অধ্যক্ষৰে চলি আছে ধেমাজি বাণিজ্য মহাবিদ্যালয়খন ৷ ফলত মহাবিদ্যালয়খনত অধ্যক্ষ অথবা ভাৰপ্ৰাপ্ত অধ্যক্ষ নোহোৱাত চৰম অৰাজকতাৰ সৃষ্টি হৈছে ৷ চৰকাৰে নতুন শিক্ষা নীতিক লৈ ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ সময়তে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু প্ৰাক্তন ছাত্ৰ সমাজে শিক্ষাৰ্থীৰ ভৱিষ্যত সুনিশ্চিত কৰক, শীঘ্ৰে স্থায়ী অধ্যক্ষ নিযুক্তি দিয়ক আদি শ্ল’গানেৰে মহাবিদ্যালয়ৰ চৌপাশত প্ৰতিবাদ সাব্যস্ত কৰে (Appoint Permanent Principal at Dhemaji Commerce College) ৷ অন্যথা পৰৱৰ্তী সময়ত ধাৰাবাহিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.