হাইলাকান্দি আৰক্ষীৰ সফলতা, অপহৃত ছাত্ৰসহ গ্ৰেপ্তাৰ অপহৰণকাৰী

By

Published : Jan 22, 2020, 7:49 PM IST

thumbnail

হাইলাকান্দি আৰক্ষীৰ বিশেষ সফলতা ৷ দুদিনৰ ভিতৰত উদ্ধাৰ কৰিলে অপহৃত শিশু ৷ বিগত শনিবাৰে হাইলাকান্দিৰ পৰা অপহৃত হৈছিল আব্দুল আজিজ চৌধুৰী নামৰ এটি 10 বছৰীয়া শিশু ৷ ঘটনাৰ পিছদিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিশুটোৰ সম্পৰ্কীয় ভাতৃ আব্দুল কায়ুম চৌধুৰীক ৷ আব্দুল কায়ুম চৌধুৰীৰ ভাষ্যৰ ভিত্তিতে যোৱা ৰাতি হাইলাকান্দি আৰক্ষীয়ে বন্দুকমাৰাৰ পৰা উদ্ধাৰ কৰে অপহৃত শিশুটো ৷ আনহাতে শিশুটোৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপহৰণ কাণ্ডত জড়িত থকা ছাদ্দাম হুছেইন নামৰ যুৱকজনক ৷ ছাদ্দাম হুছেইন অপহৃত শিশুটোৰ পেহীয়েকৰ ল'ৰা বুলি জানিব পৰা গৈছে ৷ পৰিয়ালকেন্দ্ৰীক বিবাদৰ বাবেই সংঘটিত হৈছিল এই অপহৰণকাণ্ড ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.