Cattle syndicate in Assam: নগাঁৱত ২৩ টা চোৰাং গৰুসহ এজন সৰবৰাহকাৰী আটক

By

Published : Feb 19, 2022, 7:38 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

ৰাজ্যত সক্ৰিয় হৈ আছে গৰুৰ চিণ্ডিকেট চক্ৰ । যাৰ বাবে চক্ৰটোক উৎখাত কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । তেনে এক অভিযানৰ মাজতে কলিয়াবৰত উদ্ধাৰ ২৩ টাকৈ চোৰাং গৰু । চোৰাংকৈ গৰু সৰবৰাহৰ চেষ্টা কৰা এজন লোককো আটক কৰে আৰক্ষীয়ে (Cattle smuggler arrest in Nagaon)। এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে গৰু ভৰ্তি বাহন । আটকাধীন সৰবৰাহকাৰী জন চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী বৰমাবিলৰ মুৰছিদ আলী বুলি জানিব পৰা গৈছে । যোৰহাটৰ দিশৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাতে বাগৰি আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি বাহনখন । জব্দ হোৱা বাহনখনৰ নম্বৰ AS-01-LC-3446 ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.