বিজেপি মিত্ৰজোঁটৰ দখলত শিৱসাগৰ পৌৰসভা

By

Published : Mar 9, 2022, 1:35 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

শিৱসাগৰ নিৰ্বাচনী জিলাৰ পৌৰ নিৰ্বাচনত ধৰাশায়ী হ'ল বিৰোধী (Sivsagar municipality election result)। বিজেপি আৰু অগপ মিত্ৰজোঁটৰ ঢৌৱে উটুৱাই নিলে কংগ্ৰেছ আৰু ৰাইজৰ দলক । শিৱসাগৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডত মিত্ৰজোঁটে লাভ কৰিলে ১২ খন আসন (BJP alliance victory in Sivsagar) । ইয়াৰে ১০ খন বিজেপি দলে লাভ কৰাৰ বিপৰীতে অগপ দলে লাভ কৰে দুখন আসন । আনহাতে, অখিল গগৈৰ ৰাইজৰ দলে লাভ কৰিলে মাত্ৰ দুখন আসন । সেইদৰে আমগুৰি পৌৰসভাত বিজেপি দলে তিনিখন, অগপ দলে দুখন আৰু কংগ্ৰেছ দলে চাৰিখন আসন দখল কৰাৰ ওপৰিও এটা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয় । ডিমৌ পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলক ধূলিস্যাৎ কৰি সমুদায় ১০ টা ৱাৰ্ড বিজেপি দলে দখল কৰে ।

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.