পত্নী-সন্তান এৰি আলফা স্বাধীনত যোগদান মহানগৰীৰ যুৱকৰ

By

Published : Mar 23, 2022, 8:40 AM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

পুনৰ আলফামুখী অসমীয়া যুৱক ৷ মধ্য অসমৰ তিনি যুৱকসহ পুনৰ আন 5 জন যুৱক আলফা স্বাধীনত যোগদানৰ বাবে যোৱাৰ (Five Assam boys suspected to join ULFA I) এক তথ্য লাভ কৰাৰ পাচতে, পুনৰ এজন যুৱক আলফালৈ যোৱাৰ আন এক তথ্য লাভ কৰা হৈছে ৷ এইবাৰ মহানগৰীৰ নাৰেংগীৰ উদয়গিৰীৰ যুগল শৰ্মা নামৰ যুৱকজন আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে (Assam boy suspected to join ULFA I)। বিগত ১৯ মাৰ্চত ৰঙিয়ালৈ বুলি ওলাই গৈছিল যুগল শৰ্মা আৰু তেতিয়াৰে পৰা সন্ধান নাই তেওঁৰ ৷ যুগলৰ ভগ্নীয়ে উল্লেখ কৰা অনুসৰি, কিছুদিন পূৰ্বে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰিছিল পৰিয়ালৰ লোকে । যুৱকজনৰ পৰিয়ালৰ কাতৰ আহ্বান, ঘৰৰ মানুহ সোনকালে ঘৰলৈ উভতি আহিব লাগে ৷ জানিব পৰা মতে, যুগল শৰ্মাৰ পৰিয়ালত আছে পত্নীসহ দুই সন্তান, বৃদ্ধ পিতৃ আৰু দুই ভগ্নী ৷ যুগল শৰ্মাৰ ভগ্নীয়ে উল্লেখ কৰা অনুসৰি, তেওঁ এগৰাকী ইউটিউবাৰো আছিল ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.