আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা : সকলো পদতে বিজয়ী আছু সমৰ্থিত প্ৰাৰ্থী

By

Published : Feb 21, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মুঠ পোন্ধৰটা পদ (AASU wins student body election in Kaliabar college) ৷ সোমবাৰে ঘোষিত ছাত্ৰ একতা সভা নিৰ্বাচনী ফলাফলত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ ১৫ পদৰ সকলো পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰি দখল কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা। কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ এই বৃহৎ জয়ৰ পিচতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা(Kaliabar central AASU)ৰ কাৰ্যালয় প্ৰাঙ্গনত সম্বৰ্ধনা জনোৱা হয় আছুৰ বিজয়ী প্ৰাৰ্থীসকলক। আছুৰ কাৰ্যালয়ৰ পৰা উৎফুল্লিত ছাত্ৰ-সমৰ্থক তথা আছুৰ সদস্যসকলে উলিয়ালে বিজয় সমদল।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.