Police on duty attacked: কৰিমগঞ্জত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ

By

Published : Dec 31, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

দক্ষিণ কৰিমগঞ্জৰ প্ৰাণকেন্দ্ৰ নিলাম বজাৰত অঘটন ৷ শনিবাৰে ন’ পাৰ্কিং জ’নত গাড়ী ৰখাবলৈ বাধা দিয়াৰ বাবেই এগৰাকী অ’ট চালকে আক্ৰমণ কৰে কৰ্তব্যৰত এগৰাকী যান বাহন আৰক্ষীক (Police on duty attacked at Nilambazar) ৷ আহত আৰক্ষীগৰাকীৰ নাম হেলাল উদ্দিন ৷ ইতিমধ্যে যান বাহন আৰক্ষীয়ে জব্দ কৰিছে অ’টখন ৷ অৱশ্যে অৰক্ষীৰ চকুত ধূলি দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত অ’ট চালকজন ৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি নিলাম বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৈধভাৱে একাংশই গাড়ী পাৰ্কিং (Illegal car parking) কৰি আহিছিল ৷ এই কাৰ্যক বাৰম্বাৰ আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ স্বত্বেও গুৰুত্ব প্ৰদান কৰা নাছিল একাংশই গাড়ী চালকে ৷ অইন দিনাৰ দৰে শনিবাৰেও অবৈধভাৱে একাংশই গাড়ী পাৰ্কিং কৰা কাৰ্যক বাধা দিওতেই সংঘটিত হয় উক্ত ঘটনাটো ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.