Illegal gambling: অবৈধ জুৱাখেলৰ বিৰুদ্ধে কঠোৰ স্থিতি বৰপেটা আৰক্ষীৰ

By

Published : Dec 4, 2022, 1:42 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

শীতকালৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটা জিলাতো প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে মেলা বা সাংস্কৃতিক অনুষ্ঠান । কিন্তু বাণিজ্য মেলা-গ্ৰন্থ মেলাৰ অচিলাৰে একাংশ অসাধু চক্ৰই চলাই অবৈধ জুৱাখেল । এনে জুৱা খেলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বৰপেটা আৰক্ষীয়ে (Police against Illegal gambling) । বিশেষকৈ জিলাখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত মেলাৰ নামত চলে জুৱাৰ পয়োভৰ । মেলা বা সাংস্কৃতিক অনুষ্ঠানৰ অচিলা লৈ এতিয়াৰে পৰা চলাব নোৱাৰিব জুৱা (Illegal gambling in Barpeta) ৷ তেনে এক বাণিজ্য মেলাৰ আয়োজন কৰা হৈছিল বৰপেটা জিলাৰ বাগোদিত (Gambling game at Barpeta) । বাগোদি মহোৎসৱ আৰু বাণিজ্য মেলা আয়োজনৰ নামত জুৱা অনুষ্ঠিত কৰাৰ পিচতে বৰপেটা আৰক্ষীয়ে বাগোদিত অভিযান চলাই জুৱা অনুষ্ঠিত কৰা ৯ টাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে আৰক্ষী প্ৰশাসনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি বৰপেটা জিলা উপায়ুক্তই বাতিল কৰে বাগোদি মহোৎৱ আৰু বাণিজ্য মেলাৰ অনুমতি । ইতিমধ্যে আৰক্ষীয়ে আয়োজক কমিটিৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ । জানিব পৰা মতে আয়োজক কমিটিৰ আটাইকেইজন সম্প্ৰতি পলাতক ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.