Abhiruchi Krira Divas: মুকালমুৱাত অভিৰুচি ক্ৰীড়া দিৱস পালন

By

Published : Sep 3, 2022, 1:11 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

মুকালমুৱা ক্ৰিকেট এছোচিয়েছনৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতা(Marathon race on the occasion of Abhiruchi Krira Divas)। নলবাৰী জিলাৰ মুকালমুৱাত মুকালমুৱা ক্ৰিকেট এছোচিয়েচনৰ উদ্যোগত ৩৯ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় (Abhiruchi Krira Divas observed in Mukalmua)৷ দিনটোৰ সৈতে সংগতি ৰাখি আজি ৰাতিপুৱা দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ পৰা মুকালমুৱা দেশভক্ত মৈদানলৈকে হয় মাৰাথন দৌৰ প্ৰতিযোগিতাখন । প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সহ কোষাধ্যক্ষ ইলিয়াছ আলীয়ে । মুখ্য অতিথি হিচাবে উপস্থিত থাকে দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজিৎ কাথাৰ । প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ লাভ কৰে মতিবৰ আলীয়ে ৷ দ্বিতীয় পুৰস্কাৰ কামাল আলী আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে লোকমান আলীয়ে । বিজয়ী প্ৰতিযোগীসকলক ক্ৰমে ১০,০০০, ৭০০০ আৰু ৫০০০ টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰা হয় ৷ মুঠ ৪৭ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.