ETV Bharat / sukhibhava

World Diabetes Day 2022: নিতৌ কৰক এই ৪টা আসন, ব্লাড চুগাৰৰ লগতে নিয়ন্ত্ৰণত থাকিব মেদবহুলতা

author img

By

Published : Nov 14, 2022, 2:23 PM IST

Do these 5 asanas daily along with blood sugar obesity will also be controlled
নিতৌ কৰক এই ৪টা আসন, ব্লাড চুগাৰৰ লগতে নিয়ন্ত্ৰণত থাকিব মেদবহুলতা

ডায়েবেটিছত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিবলৈ সক্ষম নহয়, যাৰ বাবে তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰে । যদিও ডায়েবেটিছৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে যেনে ভুল খাদ্যাভ্যাস, বয়স বৃদ্ধি, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, কিন্তু মেদবহুলতাই ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে । গতিকে প্ৰথমে ইয়াক নিয়ন্ত্ৰণ কৰাত মনোনিৱেশ কৰক । যাৰ বাবে যোগাসন সৰ্বোত্তম । যোগৰ জৰিয়তে মেদবহুলতা আৰু ডায়েবেটিছ দুয়োটাকে একেলগে নিয়ন্ত্ৰণ কৰিব পাৰি ।

কিছুমান বিশেষ ধৰণৰ যোগ আসনে পেশীবোৰ শিথিল কৰা, ৰক্ত সঞ্চালন বৃদ্ধি কৰা আৰু internal অংগসমূহৰ কাম-কাজ উন্নত কৰাত সহায় কৰে । নিয়মিতভাৱে ইয়াৰ অভ্যাস কৰিলে অগ্নাশয়ৰ কাৰ্যক্ষমতা আৰু ইনচুলিন হৰম’নৰ নিঃসৰণ উন্নত হয়(5 asanas for controlling blood sugar and obesity) । গতিকে ইয়াত কোনবোৰ যোগাসন ফলপ্ৰসূ, সেইবোৰৰ বিষয়ে জানো আহক(Do these 4 asanas daily) ।

বিপৰীতকৰন আসন

এই আসনে আপোনাৰ ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে । কেৱল এয়াই নহয়, হৰম’নৰ ভাৰসাম্য আৰু তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাতো ই সহায়ক । এই আসন কৰি থাকোঁতে তলৰ পৰা ওপৰলৈ তেজৰ সঞ্চালন হয়, যাৰ বাবে মগজুলৈ পৰ্যাপ্ত পৰিমাণৰ তেজ আৰু অক্সিজেন যোগান ধৰা হয় । ইয়াৰ ফলত মনটো শিথিল হৈ থাকে আৰু মানসিক চাপ আঁতৰাই ৰাখে ।

পশ্চিমোত্তানাসন

পিঠি, হামষ্ট্ৰিং আৰু নিতম্ব টানিবলৈ পশ্চিমোত্তানাসন অতি উপকাৰী আসন । এই যোগাভ্যাসৰ জৰিয়তে পেটৰ চৰ্বি আৰু ওজন দুয়োটা কমি যায় । যিয়ে ডায়েবেটিছৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে ।

অৰ্ধ মৎস্যেন্দ্ৰাসন

দৈনিক অৰ্ধ মৎস্যেন্দ্ৰাসনৰ অভ্যাস কৰিলে ডায়েবেটিছ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি । এই আসনে ইনচুলিন উৎপাদনতো সহায় কৰে, অগ্নাশয় সুস্থ কৰি ৰাখে । যাৰ বাবে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ।

মাণ্ডুকাসন

মাণ্ডুকাচনে শৰীৰত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে । অগ্নাশয়ৰ কাৰ্যক্ষমতা উন্নত কৰে । কেৱল তেজত শৰ্কৰাৰ উচ্চ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ই ফলপ্ৰসূ হোৱাই নহয়, হৃদৰোগৰ ক্ষেত্ৰতো ই উপকাৰী ।

লগতে পঢ়ক: Children's day: শিশুৰ মানসিক স্বাস্থ্যৰ যতনৰ সময়ত কি কৰা উচিত-অনুচিত জানো আহকচোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.