ETV Bharat / sukhibhava

World Breastfeeding Week 2023: ৰাজহুৱা স্থানত শিশুক দুগ্ধপান কৰোৱাটো কিমান নিৰাপদ ? বিশেষজ্ঞৰ পৰা জানি লওক

author img

By

Published : Aug 7, 2023, 5:25 PM IST

World Breastfeeding Week
ৰাজহুৱা স্থানত শিশুক স্তনপান কৰোৱাটো কিমান নিৰাপদ ? বিশেষজ্ঞৰ পৰা জানি লওক

আপুনি কেতিয়াবা ভাবিছেনে যে শিশুৰ স্বাস্থ্যৰ বাবে ৰাজহুৱা স্থানত স্তনপান কৰোৱাটো কিমান নিৰাপদ ? বিশেষজ্ঞসকলে এই সন্দৰ্ভত কি কয় জানো আহক ।

প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে স্তনপান সপ্তাহ পালন কৰা হয় । স্তনপান কৰোৱাটো শিশু তথা মাতৃৰ বাবে কিমান উপকাৰী সেই বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই সপ্তাহটো বিশ্ব স্তনপান সপ্তাহ হিচাপে উদযাপন কৰা হয় । এইবাৰ স্তনপানৰ বিষয়বস্তু হৈছে "Let's make breastfeeding and work, work!" এই বিষয়বস্তুটো কৰ্মৰত মহিলাৰ সমন্বয় আৰু স্তনপানৰ সৈতে জড়িত ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ১৯৯২ চনত আনুষ্ঠানিকভাৱে স্তনপান দিৱস পালন কৰা হয় । আনহাতে বহু মহিলাই যাতায়ত বা ক’ৰবালৈ যোৱাৰ সময়ত ৰাজহুৱা স্থানত শিশুটিক স্তনপান কৰায় । কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰাজহুৱা স্থানত স্তনপান কৰোৱাটো মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ।

ৰাজহুৱা স্থানত স্তনপান কৰোৱাৰ স্বাস্থ্যজনিত প্ৰভাৱ

ৰাজহুৱা স্থানত শিশুক স্তনপান কৰাই দিয়া বিষয়টোৱে আজিকালি সমাজত বিতৰ্কিত ৰূপ ধাৰণ কৰিছে । কোনো কোনোৱে ইয়াক অগ্ৰাহ্য বুলি গণ্য কৰে আৰু কোনোৱে ইয়াক স্বাভাৱিক কাৰ্য বুলি গণ্য কৰে । সাধাৰণতে ৰাজহুৱা স্থানত মহিলাসকলে লাজ বা সংকোচ অনুভৱ কৰে । অৱশ্যে ইয়াৰ সৈতে জড়িত বহু কথা আয়ুৰ্বেদতো উল্লেখ আছে, যিবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত ।

১) আৰাম- ৰাজহুৱা স্থানত স্তনপান কৰোৱাৰ পূৰ্বে মাতৃয়েও নিজৰ আৰামৰ যত্ন ল’ব লাগে । আয়ুৰ্বেদৰ মতে, এগৰাকী মাতৃয়ে নিজৰ আৰামৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । ইয়াৰ লগে লগে তেওঁলোকো সুস্থ হৈ থাকিব আৰু শান্তিৰে স্তনপান কৰাব পাৰিব । ইয়াৰ লগতে শৰীৰে কেঁচুৱাটোক সম্পূৰ্ণৰূপে পুষ্টিও দিবলৈ সক্ষম হ’ব ।

২) স্বাস্থ্যসন্মত খাদ্য– স্তনপানৰ সময়ত স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটোও অতি প্ৰয়োজনীয় । আয়ুৰ্বেদৰ মতে, দুগ্ধপান কৰা মহিলাসকলে শতৱৰী, গোখৰু, মেথি আৰু হালধি খাব লাগে । ইয়াৰ ফলত শৰীৰত দুৰ্বলতা দেখা নাযায় ।

৩) সঠিক ঠাই বাছি লওক- ৰাজহুৱা স্থানত স্তনপান কৰাই থাকোঁতে ঠাইখনৰ যত্ন লওক । আয়ুৰ্বেদত সুস্থ আৰু বিশুদ্ধ পৰিৱেশক গুৰুত্ব দিয়া হৈছে । শান্তি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে স্তনপান কৰোৱাটো অতি গুৰুত্বপূৰ্ণ ।

৪) মানসিক অৱস্থা– ৰাজহুৱা স্থানত স্তনপান কৰোৱাৰ পূৰ্বে মাতৃৰ মানসিক অৱস্থাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া উচিত । মেজাজটো শান্তি আৰু সুখেৰে ভৰা হ’ব লাগে ।

৫) খাদ্যৰ প্ৰকৃতি– খাদ্য খোৱাৰ পূৰ্বে মাতৃয়ে নিজৰ খাদ্যাভ্যাসৰ যত্ন ল’ব লাগে । গধুৰ, অতি ঠাণ্ডা বা বাহি খাদ্য স্তনপানৰ পিছত খাব নালাগে ।

লগতে পঢ়ক: Cavity In Teeth: পোকে খোৱা দাঁতৰ বাবে মুখ মেলি হাঁহিবলৈ লাজ কৰে নেকি ? এই উপায় অৱলম্বন কৰক আৰু প্ৰাণখুলি হাঁহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.