ETV Bharat / sukhibhava

গৰ্ভাৱস্থাত ভুলতো নাখাব এই খাদ্য অন্যথা হ’ব এই লোকচান

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 1:39 PM IST

গৰ্ভাৱস্থাত মহিলাসকলে খোজ কঢ়াৰ পৰা খাদ্য খোৱালৈকে অধিক সাৱধান হোৱাটো প্ৰয়োজন, কাৰণ যিকোনো ধৰণৰ অসাৱধানতাই গৰ্ভত থকা শিশুটিৰ ক্ষতি কৰিব পাৰে । এনে ক্ষেত্ৰত গৰ্ভাৱস্থাত মহিলাসকলে কি কি খাদ্য খাব নালাগে সেই বিষয়ে জানি লওক-

Women should not eat these things during pregnancy, it can cause harm to both mother and child
গৰ্ভাৱস্থাত ভুলতো নাখাব এই খাদ্য অন্যথা হ’ব এই লোকচান

গৰ্ভাধাৰণ কৰাটো যিকোনো মহিলাৰ বাবে অতি সুখৰ সময় হোৱাৰ লগতে দায়িত্বশীল পৰ্যায়ও, কাৰণ এই সময়ছোৱাত গৰ্ভত থকা শিশুটিৰ লগতে নিজৰ যত্নও সমানে ল’ব লাগে ৷ গৰ্ভাৱস্থাত মহিলাসকলে উঠি-বহাৰ পৰা আৰম্ভ কৰি খোৱা-বোৱালৈকে বহু কামৰ যত্ন ল’বলগীয়া হয় ৷ গৰ্ভাৱস্থাত বহুতো বস্তু উপকাৰী হোৱাৰ বিপৰীতে কিছুমান খাদ্য খালে বা পান কৰিলে গৰ্ভত থকা মাতৃ আৰু শিশু উভয়ৰে ক্ষতি হ’ব পাৰে ৷

গৰ্ভাৱস্থাত শৰীৰত অধিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, সেয়েহে খাদ্য তালিকাত সুষম পৰিমাণৰ ফল-মূল, ৰঙীন শাক-পাচলি, শুকান ফল, বাদাম আৰু গুটি আদি অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয় ৷ এতিয়াৰ বাবে গৰ্ভাৱস্থাত কি কি খাব নালাগে জানো আহক-

কেফেইনযুক্ত বস্তুৰ পৰা আঁতৰি থাকক

গৰ্ভাৱস্থাত কেফেইনযুক্ত বস্তুৰ পৰা আঁতৰি থাকিব লাগে ৷ গতিকে এই পৰ্যায়ত মহিলাসকলে চাহ-কফি খোৱাটো কমাব লাগে ৷ ইয়াৰ বাহিৰেও কোনো ধৰণৰ সুৰা বা ধূমপান ভুলতেও সেৱন নকৰিব ৷

ভজা-পোৰা খাদ্য

গৰ্ভাৱস্থাত মহিলাসকলে ভজা, পোৰা আৰু ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ এই সময়ছোৱাত কোষ্ঠকাঠিন্য প্ৰায়ে দেখা দিয়ে আৰু গধুৰ খাদ্য খোৱাটোৱে এই সমস্যা আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে ৷

গৰ্ভাৱস্থাত আমি অমিতা খাব লাগে নে নাই ?

বয়োজ্যেষ্ঠসকলে গৰ্ভাৱস্থাত অমিতা খাব নালাগে বুলি আপুনি হয়তো নিশ্চয় শুনিছে ৷ এই সন্দৰ্ভত চিকিৎসকে কয় যে, গৰ্ভাৱস্থাত অমিতা খাব পাৰি, কিন্তু এই সময়ছোৱাত কেঁচা অমিতা খোৱাটো উচিত নহয়, কাৰণ ইয়াত লেটেক্স থাকে, যাৰ ফলত মহিলাগৰাকীৰ জৰায়ু সংকোচন হ’ব পাৰে যাৰ ফলত গৰ্ভাৱস্থাৰ সময়ত সমস্যা বৃদ্ধি পাব পাৰে৷

কেঁচা কণী নাখাব

গৰ্ভাৱস্থাত মহিলাসকলে কেঁচা কণী খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ ইয়াত ছালমনেলা বেক্টেৰিয়া থাকে, যাৰ ফলত বমি, পেটৰ বিষ আৰু ডায়েৰিয়া হ’ব পাৰে ৷ ইয়াৰ লগতে গৰ্ভত থকা শিশুটিৰো ক্ষতি হ’ব পাৰে ৷

লগতে পঢ়ক: কৰ্মস্থলীত দীৰ্ঘ সময়লৈকে বহি থকাৰ ফলত কঁকালৰ বিষ বৃদ্ধি হৈছে নেকি ? তেন্তে কৰক এই কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.