ETV Bharat / sukhibhava

শীতকালত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণ কি ? নিজকে কেনেকৈ ৰক্ষা কৰিব

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:26 PM IST

Why does the number of COVID-19 cases increase in winter?
শীতকালত বৃদ্ধি পাই কোভিড ৰোগীৰ সংখ্যা

Corona in Winter: কোভিডৰ নতুন ভেৰিয়েন্ট JN.1 দ্ৰুতগতিত বিয়পি পৰিছে । কেৰালাৰ পিচত এতিয়ালৈকে ১১খন ৰাজ্যত এই ৰোগ বিয়পি পৰিছে । কিন্তু আপুনি জানেনে শীতকালত কিয় কোভিডৰ ভয়াৱহতা বৃদ্ধি পায় ? এই প্ৰশ্নৰ উত্তৰ জানক এই প্ৰতিবেদনত ৷

শীতকাল অহাৰ লগে লগে আকৌ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিড ৰোগীৰ সংখ্যা । কোভিডৰ নতুন ভেৰিয়েন্ট সম্প্ৰতি বিশ্ববাসীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । ভাৰততো কেইদিনমানৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত সংখ্যা । দেশত পুনৰবাৰ বৃদ্ধি পাইছে Covid 19 ৰ ভয়াৱহতা । এতিয়ালৈকে দেশৰ ১১খন ৰাজ্য ক’ৰোনাৰ নতুন ভেৰিয়েন্ট JN.1 ৰ দ্বাৰা সংক্ৰমিত হৈছে । এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে শীতকাল অহাৰ লগে লগে কিয় কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ? ঠাণ্ডা বতৰৰ লগত কি সংম্পৰ্ক আছে Covid 19 ভাইৰাছৰ ? বিশেষজ্ঞৰ পৰা জানো আহক...

কেৱল শীতকালত কিয় ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পায় ?

ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তই পুনৰবাৰ সকলো ৰাজ্যকে ভয়াৱহতাৰ মাজত ঠেলি দিছে । এইবাৰো নতুন ভেৰিয়েণ্টৰ বাবে বহু জীৱন বিপদাপন্ন হোৱাৰ আকাংক্ষাই দেখা দিছে । এনে পৰিস্থিতিত শীতকালত প্ৰতিবাৰেই Covid 19 ৰ নতুন ভেৰিয়েন্ট কিয় আবিৰ্ভাৱ হ’বলৈ আৰম্ভ কৰে, এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক কথা । কাৰণ শীতকালত যেন পুনৰ জাগ্ৰত হৈ পৰে ক’ৰোনা ৷

এই সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে শীতকালত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ বৃদ্ধি পায় । এই বতৰত ইনফ্লুৱেঞ্জা ৰোগত আক্ৰান্তৰ সংখ্যা অধিক । ফ্লুত আক্ৰান্ত হ’লে কাহ, চৰ্দি আৰু জ্বৰৰ সমস্যা হয় । এনে পৰিস্থিতিত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হয় আৰু তেওঁলোকৰ কোভিড পৰীক্ষা কৰা হয় । অধিক পৰীক্ষাৰ বাবে পোহৰলৈ আহে কোভিড ৰোগী । যিহেতু এই ভাইৰাছ সদায় থাকে, গতিকে পৰীক্ষা হ’লে ৰোগীৰ সংখ্যা বৃদ্ধি পায় । এই কাৰণতে শীতকালত Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় । এই সময়চোৱাত নতুন ভেৰিয়েন্ট অহাৰ বাবেও ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে ।

শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে

শীতকালত মানুহে প্ৰায়ে বহু সংক্ৰমণৰ বলি হয় । যাৰ বাবে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে । যাৰ বাবে সংক্ৰমণ হোৱাটো সাধাৰণ হৈ পৰে আৰু অধিক পৰীক্ষা কৰা হয় । ইয়াৰ বাবেই Corona আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পায় ।

কোন কোন ৰাজ্যত Covid ৰ নতুন ভেৰিয়েন্টত আক্ৰান্ত হৈছে ?

কোভিডৰ নতুন ভেৰিয়েন্ট JN.1 দ্ৰুতগতিত বিয়পি পৰিছে । কেৰালাৰ পিচত এতিয়ালৈকে এই ভেৰিয়েন্ট বিয়পি পৰিছে ১১খন ৰাজ্যত ৷ ইয়াৰ ভিতৰত আছে কৰ্ণাটক, তামিলনাডু, মহাৰাষ্ট্ৰ, গোৱা, পুডুচেৰী, গুজৰাট, তেলেংগানা, পঞ্জাৱ, দিল্লী আৰু ৰাজস্থান । এনে পৰিস্থিতিত এই ৰাজ্যসমূহত হাৰ্ট এলাৰ্ট জাৰি কৰি ৰাইজক সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে । ইয়াৰ লগতে তেওঁলোকক Covid ৰ নিয়ম মানি চলিবলৈ কোৱা হৈছে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: বিগত এটা মাহত বিশ্বত ৫২ শতাংশ বৃদ্ধি নতুন কোভিড ৰোগী; বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.