ETV Bharat / sukhibhava

Arthritis: আপোনাৰ এইসমূহ ভুল অভ্যাসৰ ফলত হ’ব পাৰে আৰ্থ্ৰাইটিছ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:11 PM IST

গাঁঠিৰ কাৰ্টিলেজৰ ক্ষতি প্ৰতিহত কৰিবলৈ সময় মতে শৰীৰৰ যত্ন লোৱাটো খুবেই জৰুৰী ৷ মহিলাৰ আৰ্থ্ৰাইটিছৰ সমস্যাৰ বহুতো কাৰণ থাকিব পাৰে ৷ আজি সেই বিষয়ে জানো আহক-

What is the main cause of arthritis?
আপোনাৰ এইসমূহ ভুল অভ্যাসৰ ফলত হ’ব পাৰে আৰ্থ্ৰাইটিছ

আজিকালি অধিকাংশ লোক ৰুগীয়া হোৱাৰ কাৰণ মূলতে অস্বাস্থ্যকৰ জীৱনশৈলী ৷ ভুল খাদ্যাভাষ আৰু সক্ৰিয় নোহোৱাৰ ফলত ওজন বৃদ্ধি হয় ৷ ইয়াৰ ফলত শৰীৰৰ আন আন বেমাৰৰ লগতে গাঁঠিত বিষ হয় ৷

গাঁঠিৰ বিষ হোৱাটো আৰ্থ্ৰাইটিছৰ মূল কাৰণ ৷ আৰ্থ্ৰাইটিছে সাধাৰণতে আঁঠু, কঁকাল, মেৰুদণ্ড আৰু হাতক বেছিকৈ প্ৰভাৱিত কৰে ৷ গাঁঠিৰ কাৰ্টিলেজ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত পুনৰ আৰোগ্য কৰিব নোৱাৰি ৷ সেয়েহে, গাঁঠিৰ কাৰ্টিলেজৰ ক্ষতি প্ৰতিহত কৰিবলৈ সময় মতে শৰীৰৰ যত্ন লোৱাটো খুবেই জৰুৰী ৷ মহিলাৰ আৰ্থ্ৰাইটিছৰ সমস্যাৰ বহুতো কাৰণ থাকিব পাৰে ৷ আজি সেইবিষয়ে জানো আহক-

হিল পিন্ধা

মহিলাসকলে আৰ্থ্ৰাইটিছত ভোগাৰ মূল কাৰণ হৈছে হিল পিন্ধা ৷ দীঘলীয়া সময়ৰ বাবে হিল পিন্ধিলে গাঁঠিৰ প্ৰচণ্ড বিষ হ'ব পাৰে ৷ যদি হিল পিন্ধাৰ ফলত আপুনি গাঁঠিৰ বিষ অনুভৱ কৰে, সেইদিনাৰ পৰাই হিল পিন্ধা বন্ধ কৰিব ৷

মেদবহুলতা

আৰ্থ্ৰাইটিছৰ মূল কাৰণ হৈছে মেদবহুলতা ৷ শৰীৰটোত চৰ্বি হোৱাৰ ফলত গাঁঠিত ইয়াৰ প্ৰভাৱ পৰে ৷ অতিৰিক্ত চৰ্বিৰ ফলত গাঁঠিৰ কাৰ্টিলেজ ক্ষতিগ্ৰস্ত হয় ৷

ধূমপান

বিশেষজ্ঞসকলৰ মতে ধূমপানেও গাঁঠিৰ যথেষ্ট ক্ষতি কৰে ৷ ধূমপানৰ ফলত আপুনি গুৰুতৰ আৰ্থ্ৰাইটিছৰ চিকাৰ হ'ব পাৰে ৷ সেয়েহে, ধূমপান ত্যাগ কৰি আপুনি আৰ্থ্ৰাইটিছৰ সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে ৷

ভুলকৈ ব্যায়াম কৰা

কিছুমান লোকে ব্যায়াম কৰে ঠিকেই, কিন্তু সঠিকভাৱে নকৰে ৷ চিকিৎসকৰ মতে, ভুল ভংগীত বহি দীঘলীয়া সময়ৰ বাবে যোগাভ্যাস কৰিলে গাঁঠিৰ ওপৰত অধিক ওজন পৰে ৷ ইয়াৰ ফলত কাৰ্টিলেজ দ্ৰুতগতিত ক্ষয় হয় ৷ পিছত এই সমস্যাটো আৰ্থ্ৰাইটিছলৈ ৰূপান্তৰিত হয় ৷

লগতে পঢ়ক: Health Tips: এইবিধ বিশেষ চাহে নিয়ন্ত্ৰণ কৰিব মধুমেহ; লাভ কৰিব অনেক উপকাৰিতা

লগতে পঢ়ক: Diwali 2023: দীপাৱলীৰ সময়চোৱাত জুয়ে পুৰিলে তাৎক্ষণিকভাৱে কি কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.