ETV Bharat / sukhibhava

Symptoms of Omicron: অ'মিক্ৰণৰ লক্ষণবোৰ কেনেকুৱা ?

author img

By

Published : Jan 12, 2022, 7:26 PM IST

বিশ্বজুৰি অমিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Omicron cases in World)। কিন্তু প্ৰায় দুবছৰ ধৰি, লাখ লাখ লোকে ZOE COVID Study app ত দৈনিক স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰি আহিছে । যাৰ দ্বাৰা মহামাৰীটো সম্পৰ্কে বিভিন্ন তথ্য উদঘাটন কৰা হৈছে । বিশেষকৈ এপৰ জৰিয়তে দাখিল কৰা ৪৮০ নিযুত প্ৰতিবেদনে দেখুৱাইছে যে যিহেতু ভাইৰাছটো পৰিৱৰ্তন হৈছে, সেয়েহে ইয়াৰ ফলত হোৱা লক্ষণবোৰো বেলেগ হৈছে ।

Symptoms of Omicron
অ'মিক্ৰণৰ লক্ষণবোৰ কেনেকুৱা

অ'মিক্ৰণৰ লক্ষণবোৰ কেনে ধৰণৰ ?

সম্প্ৰতি বিশ্বত ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ অব্যাহত আছে (Omicron cases in World)। কিন্তু অ'মিক্ৰণৰ লক্ষণবোৰ কেনেধৰণৰ ? যদি আমি ২০২০ চনলৈ উভতি চাও, তেনেহ'লে দেখিম যে, মূল ক'ভিড আৰু ইয়াৰ অন্যতম প্ৰকাৰ আলফাৰ তিনিটা অতি সচৰাচৰ লক্ষণ আছিল । কাহ, জ্বৰ আৰু গোন্ধ নোপোৱা ।

ইয়াৰ লগতে কমেও ২০ টা অন্য লক্ষণো আছিল । তাৰ ভিতৰত ভাগৰ লগা, মুৰৰ বিষ, উশাহ চুটি হোৱা, পেশীৰ বিষ আৰু গেষ্ট্ৰোইনটেস্টাইনেল সমস্যাৰ লগতে ছালৰ ৰোগ আৰু COVID tongue ।

যেতিয়া ডেল্টা প্ৰকাৰ ধৰা পৰিছিল তেতিয়া সেই লক্ষণবোৰৰ লগতে বিশেষকৈ উশাহ চুটি হোৱা, জ্বৰ আৰু গোন্ধ নোপোৱা আদি লক্ষণ শীৰ্ষত আছিল । নাকেৰে পানী ওলোৱা, ডিঙিৰ বিষ আৰু নিৰন্তৰ হাঁচিসহ চৰ্দিৰ লক্ষণবোৰ অধিক দেখা গৈছিল । প্ৰতিষেধক লোক ব্যক্তিসকলৰ ক্ষেত্ৰত আকৌ মুৰৰ বিষ আৰু কাহ হোৱা দেখিবলৈ পোৱা গৈছিল ।

ডেল্টাৰ পাছতে আহিল ক'ভিডৰ আন এক প্ৰকাৰ অ'মিক্ৰণ । অ'মিক্ৰণত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত সাধাৰণ চৰ্দিৰ লক্ষণবোৰে দেখা পোৱা গৈছে । বিশেষকৈ প্ৰতিষেধক লোৱা ব্যক্তি সকলৰ ক্ষেত্ৰত বমি, পেশীৰ বিষ, ডায়েৰিয়া আৰু ছালৰ ৰোগৰ দৰে কিছুমান লক্ষণ দেখা গৈছে (Symptoms of omicron)।

ইয়াত বিশেষকৈ ডিচেম্বৰত আক্ৰান্ত লোকসকলৰ প্ৰতিবেদনবোৰ নিৰীক্ষণ কৰা হৈছে । যিহেতু অক্টোবৰ মাহত ইউ.কেত অ'মিক্ৰণ দ্ৰুতগতিত সংক্ৰমণ হৈছিল । যিবোৰ ব্যক্তিৰ ক'ভিড পৰীক্ষাৰ ফলাফলবোৰ চৰকাৰে অ'মিক্ৰণ বুলি নিশ্চিত কৰিছিল সেইবোৰ ব্যক্তিৰ প্ৰতিবেদন বিশ্লেষণ কৰা হৈছে ।

বিশ্লেষণত ডেল্টা আৰু অ'মিক্ৰণৰ সামগ্ৰিক লক্ষণত কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য দেখা পোৱা যোৱা নাছিল । দুয়োটা ক্ষেত্ৰত প্ৰধান পাঁচটা লক্ষণ হৈছে নাকৰ পৰা পানী ওলোৱা, মূৰৰ বিষ, ভাগৰ, হাঁচি আৰু ডিঙিৰ বিষ । অৱশ্যে লক্ষণবোৰৰ সামগ্ৰিকভাৱে পৰ্যৱেক্ষণ কৰিলে কিছুমান স্পষ্ট পাৰ্থক্য দেখা যায় ।

উদাহৰণ স্বৰূপে, অক্টোবৰ মাহত এনোচমিয়া (Anosmia) অৰ্থাৎ গোন্ধ বা সোৱাদ নোপোৱা লক্ষণ শীৰ্ষ দহটা স্থানত আছিল ৷ কিন্তু এতিয়া লক্ষণৰ তালিকাত ই ১৭ নম্বৰ স্থানলৈ অৱনমিত হৈছে । যি লক্ষণ এটা সময়ত মুখ্য সূচক হিচাপে ধৰা হৈছিল এতিয়া কেৱল পাঁচজনৰ ভিতৰত এই লক্ষণ থকা এজন লোকৰ দেহতহে ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । তথ্য অনুসৰি, এক তৃতীয়াংশতকৈও কম লোকৰ হে (২৯%) বৰ্তমান জ্বৰ হোৱা দেখা যায়, যিটো এটা সময়ত সচৰাচৰ হৈছিল ।

লক্ষণীয়ভাৱে পূৰ্বে জ্বৰ, কাহ বা গোন্ধ নোপোৱা লক্ষণ থকা ব্যক্তিৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক আছিল । কিন্তু বৰ্তমান দেখা গৈছে ক'ভিডত আক্ৰান্ত আধা অংশ মানুহৰ ক্ষেত্ৰতহে এই লক্ষণ দেখা যায় ।

অ'মিক্ৰণ কিমান ভয়াৱহ ?

ক'ভিডৰ এই নতুন প্ৰকাৰটো পূৰ্বৰ প্ৰকাৰবোৰতকৈ অধিক সংক্ৰামক, যাৰ ফলত সমগ্ৰ ইউ.কে আৰু অন্যান্য দেশত ক'ভিডৰ ঘটনা বৃদ্ধি হৈছে । এতিয়ালৈ স্পষ্ট হোৱা নাই যে এই প্ৰকাৰে হাস্পতালত ভৰ্তি হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিব নে নাই ? ইফালে ডেল্টা আৰু এই প্ৰকাৰৰ ফলত বহুতে সাধাৰণ চৰ্দিৰ দৰে অনুভৱ কৰিব পাৰে ৷ কিন্তু মনত ৰখা উচিত যে প্ৰতিষেধক গ্ৰহণ নকৰা বা দুৰ্বল প্ৰতিৰোধ ক্ষমতাৰ ব্যক্তিৰ বাবে ই ভয়ানক অথবা দীৰ্ঘম্যাদি লক্ষণৰ কাৰণ হ'ব পাৰে ।

প্ৰথম অৱস্থাত কম বয়সৰ লোকৰ ক্ষেত্ৰত এই প্ৰকাৰৰ সংক্ৰমণ বেছি দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু বৰ্তমান বৃদ্ধ লোকৰ ক্ষেত্ৰত ইয়াৰ ঘটনা বৃদ্ধি হৈছে । শেহতীয়াকৈ ৭৫ বছৰ উৰ্ধৰ লোকৰ দেহত এই প্ৰকাৰৰ সংক্ৰমণ উদ্বেগজনক হৈ পৰিছে । কিন্তু সৌভাগ্যক্ৰমে দ্ৰুত প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে ইউ.কেত বহু লোকৰ ক্ষেত্ৰত লক্ষণ মৃদু আছিল আৰু কম সংখ্যক লোকক হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছে । অ'মিক্ৰণৰ চিন্তনীয় বিষয়টো হৈছে গুৰুতৰ ৰোগ নথকা বা স্বাস্থ্য কৰ্মীসকল অধিক আক্ৰান্ত হৈছে ।

এয়া অ'মিক্ৰণ নে চৰ্দি ?

ইউ.কেৰ শীতকালৰ সময়চোৱাৰ কথা যদি কোৱা হয় তেতিয়া তাত কিছুমান চৰ্দি আৰু ফ্লুত লোকসকল আক্ৰান্ত হোৱা দেখা যায় । The ZOE COVID Study appৰ তথ্য অনুসৰি সেই নিয়মীয়া চৰ্দিৰ লক্ষণবোৰৰ দৰেই অ'মিক্ৰণৰ লক্ষণবোৰ । সেয়ে কেৱল লক্ষণৰ ওপৰত ভিত্তি কৰি এয়া ক'ভিড নে আন কিবা আপুনি ক'ব নোৱাৰে । যেতিয়ালৈ ক'ভিড পৰীক্ষা কৰা নহয় ডিঙিৰ বিষ, নাকৰ পৰা পানী ওলোৱা বা অস্বাভাৱিক ভাগৰ আদি লক্ষণক ক'ভিড বুলিয়ে ধৰা হয় ।

The ZOE COVID Study appত অৱদানকাৰীসকলে তেওঁলোকে অনুভৱ কৰি থকা যিকোনো দৈনিক লক্ষণ, লগতে যিকোনো ক'ভিড পৰীক্ষাৰ ফলাফল আপলোড কৰে তেতিয়া সেয়া লক্ষ্য কৰি সাধাৰণ চৰ্দি নে ক'ভিড আমি ক'ব পাৰো । তথ্য অনুসৰি মাত্ৰ তিনি মাহ পূৰ্বে, শ্বাস-প্ৰশ্বাসৰ সমস্যাই দেখা দিয়া ১২ গৰাকী ব্যক্তিৰ ভিতৰত প্ৰায় এজন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । অৱশ্যে, বৰ্তমান চৰ্দিত ভূগি থকা ৫০ শতাংশ লোকক ক'ভিডত আক্ৰান্ত পোৱা গৈছে ।

সেয়েহে যদি আপুনি বা পৰিয়ালৰ কোনো সদস্য চৰ্দি অথবা হাঁচি মাৰি আছে তেনেহ'লে এয়া ক'ভিড হ'ব পাৰে ! তেনে অৱস্থাত আপুনি হোম কোৱাৰেণ্টাইনত থকাৰ লগতে নিশ্চিত হ'বলৈ পৰীক্ষা কৰা উচিত । মনত ৰাখিব যে যদিও lateral flow test ভাল, কিন্তু ডিঙি আৰু নাকৰ পৰা নমুনা সংগ্ৰহ কৰি পিচিআৰ পৰীক্ষা কৰাটো বেছি উৎকৃষ্ট । সেয়ে যদি আপুনি lateral flow test কৰে, তেনেহ'লে ইয়াক পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন কাৰণ এবাৰ নিগেটিভ মানে এইটো নহয় যে আপুনি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নহয় ।

চৰকাৰী নিৰ্দেশনা যিয়েই নহওঁক, যদি আপোনাৰ দেহত চৰ্দি বা আন কোনো লক্ষণ দেখা পাইছে, তেনেহ'লে হোম কোৱাৰেণ্টাইনত থকাটো প্ৰয়োজন । জন সমাগম পৰিহাৰ কৰক আৰু আনলৈ যাতে ভাইৰাছটো বিয়পিব নোৱাৰে তাৰ বাবে যদি আপুনি বাহিৰলৈ যায় তেন্তে মাস্ক পৰিধান কৰক ।

লগতে পঢ়ক :10 easy ways to get fit this Year : বছৰটো সুস্থ হৈ থকাৰ 10 টা টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.