ETV Bharat / sukhibhava

Skin Care Tips: এনেদৰে কেশৰ ব্যৱহাৰ কৰি পাওক উজ্বল ছাল, মাত্ৰ ৫ দিনৰ ভিতৰতে দেখিব পাৰ্থক্য

author img

By

Published : Aug 2, 2023, 7:26 PM IST

Skin Care From Kesar: আজিৰ সময়ত সকলোৱে জিলিকি থকা ছালৰ আকাংক্ষা কৰে । ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ সৌন্দৰ্য্যৰ টিপচ্ আৰু সামগ্ৰীও ব্যৱহাৰ কৰে । কিন্তু আজি আমি আপোনালোকক কওঁ কেশৰৰ পৰা ছালৰ কিছু উপকাৰিতাৰ বিষয়ে জনাম যিয়ে আপোনাক সহায় কৰিব পাৰে ।

Use saffron like this and get glowing skin
এনেদৰে কেশৰ ব্যৱহাৰ কৰি পাওক উজ্বল ছাল

প্ৰায়ে কেশৰ ব্যৱহাৰ কৰি ছালখন উজ্জ্বল আৰু সুন্দৰ কৰি তোলা হয় । যুগ যুগ ধৰি ইয়াৰ ব্যৱহাৰ চলি আহিছে । কিছুমানে গাখীৰৰ লগত মিহলাই পান কৰে । কিছুমান মানুহে ইয়াক মিঠা বস্তুৰ লগত মিহলাই খায় । অৱশ্যে নিয়মিতভাৱে কৰিলে ই কেনেকৈ লাভজনক হ’ব পাৰে । শীতকালত ইয়াৰ ব্যৱহাৰ বেছি হয় । কিন্তু আজি আমি আপোনালোকক মুখৰ বাবে কেশৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি যাতে এসপ্তাহৰ ভিতৰতে আপুনি গ্ল’য়িং ছাল পাব পাৰে সেই বিষয়ে উল্লেখ কৰিছো । তেন্তে কেশৰ ব্যৱহাৰৰ পদ্ধতিবোৰ জানো আহক-

কেশৰ ব্যৱহাৰ কেনেকুৱা-

কেশৰত কিছুমান বিশেষ এন্টিঅক্সিডেন্ট থাকে । ইয়াক ব্যৱহাৰ কৰিলে মুখৰ সংবেদনশীল, শালমইনা বা পিম্পলছ নিৰাময় কৰাত সহায় কৰে । যদি আপুনি দৈনিক মুখত কেশৰ ব্যৱহাৰ কৰে, তেন্তে মুখৰ দাগবোৰ নাইকিয়া হৈ যায় । ইয়াৰ লগতে মুখৰ ৰঙো উন্নত হয় । ইয়াৰ উপৰিও তেলীয়া, শুকান ছালৰ পৰাও মুক্তি পায় । মাত্র এই উপায়েৰে এবাৰ ব্যৱহাৰ কৰক কেশৰ-

১/ কেশৰ পানী

মুখত প্ৰাকৃতিক গ্লোৰ বাবে কেশৰ পানী খাবলৈ আৰম্ভ কৰিব পাৰে । ইয়াৰ বাবে এগিলাচ পানী খাব লাগে, তাৰ পিছত তাত ২ৰ পৰা ৪ ডাল কেশৰ, অলপ এলোভেৰা আৰু মৌ দি ৰাতিটো থৈ দিব লাগে । পুৱা সাৰ পোৱাৰ পিছত এই পানী ভালদৰে মিহলাই খালী পেটত খাব লাগে । দৈনিক এই কামটো কৰক । কেইসপ্তাহমানৰ ভিতৰতে আপুনি আপোনাৰ মুখত পাৰ্থক্য দেখিব ।

২/ কেশৰ আৰু নাৰিকল তেল

যদি বাৰিষাৰ সময়ত আপোনাৰ ছালখন ৰুক্ষ আৰু নিস্তেজ হৈ পৰিছে তেন্তে কেশৰ ছালখনক পুনৰ সজীৱ কৰি তুলিবলৈ অতি উপযোগী হ’ব পাৰে । ইয়াৰ বাবে মাত্ৰ ৫ৰ পৰা ৬ টা কেশৰ ডোঙা ১ চামুচ পানীত দি ৰাতিটো তিয়াই থ’ব লাগে । তাৰ পিছত ৰাতিপুৱা সাৰ পোৱাৰ পিছত তাত ২ টোপাল নাৰিকল তেল আৰু দুটোপাল গাখীৰ মিহলাই লওক । এতিয়া মিহলাই মুখত লগাওক । তাৰ পিছত ২০ৰ পৰা ২৫ মিনিটৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব । এনেদৰে অবিৰতভাৱে কৰিলে কেইদিনমানৰ পিছত মুখত পাৰ্থক্য দেখিবলৈ পাব ।

লগতে পঢ়ক: Immunity booster drink: ঘৰতে তৈয়াৰ কৰিব পৰা এইবিধ পানীয়ই বৃদ্ধি কৰিব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.