ETV Bharat / sukhibhava

সুৰাপানৰ পৰিমাণ কমাব বিচাৰিছে নেকি ? তেন্তে জানি লওক এইকেইটা উপায়

author img

By

Published : Mar 30, 2022, 6:30 PM IST

alcohol
সুৰাপানৰ পৰিমাণ কমাব বিচাৰিছে নেকি?

সুৰাপানৰ পৰিমাণ কমাবলৈ যত্ন কৰিছে নেকি আপুনি ? (how to quit alcohol) কিন্তু সফল হ’ব পৰা নাই ! নিশ্চয়কৈ অসহায় অনুভৱ কৰে চাগে যেতিয়া সুৰা এগিলাছৰ প্ৰতি থকা আপোনাৰ ক্ষুধা অইন একোৱে পূৰ কৰিব নোৱাৰে । কিন্তু চিন্তাৰ কোনো কাৰণ নাই ৷ কিয়নো আমি লৈ আহিছো সুৰাপানৰ পৰিমাণ কমাব পৰা কেইটামান কিটিপ-

সমাজত সুৰাপানৰ প্ৰচলন পূৰ্বৰ পৰাই চলি আহিছে ৷ ব্যক্তিগত ভাৱে সুৰাপান কৰাৰ উপৰিও কিছু কিছু সমাজত ৰাজহুৱা অনুষ্ঠানতো সুৰাৰ প্ৰচলন আছে ৷ এই সুৰাপান স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক ৷ বাতৰিকাকতৰ পৰা দূৰদৰ্শন, সকলোতে ইয়াৰ অপকাৰিতাৰ বিষয়ে বিজ্ঞাপনৰ জৰিয়তে মানুহক অৱগত কৰোৱা হয় ৷ সময়ৰ গতিত মানুহৰ সুৰাপানৰ অভ্যাস বহুতখিনি সলনি হৈছে ৷ বৰ্তমান সময়ত বহু সংখ্যক মানুহক সুৰা সেৱনৰ পৰিমাণ কমাবলৈ চেষ্টা কৰা দেখা গৈছে নতুবা কোনোৱে কোনোৱে সম্পূৰ্ণৰূপে সুৰা এৰাই চলিব বিচাৰিছে ৷

আপোনাৰো আছে নেকি সুৰাপানৰ নিয়মীয়া অভ্যাস ? এই অভ্যাসৰ পৰা পৰিত্ৰাণ বিচাৰি অসহায় যেন অনুভৱ কৰিছে নেকি আপুনি !(how to quit alcohol) এতিয়াৰ পৰা আৰু আপুনি উপায় বিচাৰি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই ৷ আমি আগবঢ়াইছো কেইটামান টিপ্ছ যাৰ জৰিয়তে অতি সহজতে সুৰাৰ পৰা নিজকে আঁতৰ কৰিব পাৰিব আপুনি ( tips to reduce alcohol consumption)-

আপুনি কৰা সুৰাপানৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব ই কেনেদৰে কাম কৰিব

বেছিভাগ মানুহে নিজেই ত্যাগ কৰে সুৰা সেৱনৰ বদ অভ্য়াস । অৱশ্যে যিসকল লোকে সঘনাই সুৰাপান কৰে, তেওঁলোকৰ ক্ষেত্ৰত সুৰাপান তৎক্ষণাত ত্যাগ কৰাটো কঠিন হৈ পৰে । যিসকল লোকে এদিনো সুৰাপান নকৰাকৈ থাকিব নোৱাৰে, যিসকলৰ লোকৰ যিকোনো সামাজিক অনুষ্ঠানতে সুৰাই প্ৰাধান্য লাভ কৰে, যিয়ে দিনটোত এবাৰ হ’লেও সুৰাপান কৰাৰ কথা ভাবে, এবাৰ সুৰাপান আৰম্ভ কৰিলে আধাতে যিয়ে এৰিব নোৱাৰে, সুৰাৰ প্ৰভাৱ অনুভৱ কৰিবলৈ যিয়ে মাত্ৰাধিক পৰিমাণত সুৰা সেৱন কৰিব লগীয়া হয়, এদিন মদ নোখোৱাকৈ থাকিব লগীয়া হ’লেই যাৰ হাতত কঁপনি উঠে তেনে লোকৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সুৰা ত্যাগ কৰা নতুবা সুৰাৰ পৰিমাণ কম কৰাটো নিশ্চয়কৈ কঠিন ৷

এই লক্ষণবোৰ যিমানে বেছি হয় সিমানেই ইয়াৰ প্ৰভাৱ গুৰুতৰ হয়, কিয়নো এইবোৰে সুৰাৰ ওপৰত ব্যক্তি এজন নিৰ্ভৰশীল হোৱাৰ ইংগিত দিয়ে । এই নিৰ্ভৰশীলতাই ভৱিষ্যতৰ বাবে বিপদাশংকা আনিব পাৰে । যদি আপোনাৰ সুৰাৰ প্ৰতি কম আসক্তি আছে, তেন্তে আপুনি নিজেই সুৰাৰ পৰিমাণ হ্ৰাস কৰিবলৈ সক্ষম হ'ব । কিন্তু যদি আপুনি মধ্যমীয়াভাৱে সুৰাৰ ওপৰত নিৰ্ভৰশীল, তেনেহ’লে আপুনি আনৰ পৰা সহায় লোৱা উচিত । আনহাতে যদি আপুনি গুৰুতৰভাৱে নিৰ্ভৰশীল, তেনেহ’লে সুৰাপানৰ অভ্যাস সলনি কৰাৰ আগতে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লওক ৷ কিয়নো অকস্মাতে যদি আপুনি সুৰাপানৰ অভ্যাস সলনি কৰি দিয়ে ই গুৰুতৰ স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে, চিজাৰ (seizure) হোৱাৰ লগতে আপোনাৰ মৃত্যুও ঘটিব পাৰে ৷

যিসকল গুৰুতৰভাৱে নিৰ্ভৰশীল তেওঁলোকক সাধাৰণতে সুৰা সেৱনৰ পৰা স্থায়ী বা অস্থায়ীভৱে বিৰতি লোৱাৰ পৰামৰ্শ দিয়া হয় । এই বিৰতিৰ সময় ছমাহৰ পৰা এবছৰ পৰ্যন্ত হ’ব পাৰে । বিৰতিৰ সময় ছোৱাত কিছুমানে ভাবে যে তেওঁলোকে পুনৰ সুৰাপান নকৰাই ভাল । সুৰাৰ ওপৰত অধিক মাত্ৰাত নিৰ্ভৰশীল হোৱা লোকসকলৰ বিৰতিৰ সময়ছোৱাৰ ভিতৰতে পুনৰ আগৰ পৰ্যায়লৈ ঘূৰি যোৱাৰ সম্ভাৱনা থাকে। এনেক্ষেত্ৰত আপুনি সুৰাপান প্ৰতিহত কৰিবলৈ বিশেষজ্ঞ নতুবা চিকিৎসকৰ পৰামৰ্শ লোৱাতো প্ৰয়োজন ৷

Zero-alcohol drinks

জিৰ’ এলকহল ড্ৰিংক হৈছে সুৰামুক্ত এলকহল ড্ৰিংক যাৰ স্বাদৰ এলকহলৰ সৈতে সাদৃশ্য আছে ৷ বৰ্তমানৰ বজাৰ খনত স্পিৰিট, বিয়েৰ আৰু ৱাইনৰ বাবে বিভিন্ন ধৰণৰ বিকল্প আছে ৷ আপুনি যদি স্বাস্থ্যসন্মত বা অন্যান্য কাৰণত সুৰাপান হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে, তেন্তে ই আপোনাৰ বাবে উত্তম উপায় ৷ কিন্তু সুৰাৰ ওপৰত নিৰ্ভৰশীল ব্যক্তি এজনৰ ক্ষেত্ৰত ই ওলোটাকৈয়ো কাম কৰিব পাৰে ! জিৰ’ এলকহল ড্ৰিংকৰ স্বাদ আৰু গোন্ধত মানুহ এজনৰ হয়তো পুনৰ সুৰাৰ প্ৰতি আসক্তি আহি যাব পাৰে ৷ ই হয়তো মানুহজনৰ সুৰাপানৰ অভ্যাস সলনি কৰাৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷

Treatment apps and online support

সুৰা প্ৰত্যাহাৰ বা ত্যাগ কৰা লোকসকলক সমৰ্থন কৰিবলৈ বিভিন্ন কম্পিউটাৰাইজড, ৱেব-বেছ্ড আৰু ম'বাইল এপ্প সৃষ্টি কৰা হৈছে । প্ৰাৰম্ভিক পৰীক্ষণতে এইবোৰে আশাব্যঞ্জক ফলাফল দেখুৱাইছে ।

Hello Sunday Morning's Daybreak কাৰ্যসূচী হৈছে এক বৃহৎ অনলাইন এলকহল বিৰোধী কাৰ্যসূচী, যাক ম'বাইল আৰু ডেস্কটপৰ জৰিয়তে দেখুওৱা হয়। এইটো মধ্যমীয়াভাৱে সুৰাৰ ওপৰত নিৰ্ভৰকাৰী সুৰাপানকাৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে যিয়ে সুৰাপানৰ পৰিমাণ কমাব বিচাৰে বা একেবাৰে সুৰা এৰিব বিচাৰে । প্ৰাথমিক গৱেষণাই দেখুৱাইছে যে ই সুৰাপান হ্ৰাস কৰাৰ লগতে মানসিক সুস্থতা আৰু জীৱনৰ মানদণ্ড উন্নত কৰাত কাৰ্যকৰী হৈছে ।

Psychological interventions

এজন চিকিৎসকৰ পৰা পাঁচ মিনিটৰ পৰামৰ্শই আপোনাৰ সুৰাপানৰ হাৰ 30 শতাংশলৈ হ্ৰাস কৰিব পাৰে ৷ সেয়ে সহায়ৰ বাবে ঘনাই চিকিৎসকৰ সৈতে কথা পাতক ৷

Counselling and psychological therapy

সুৰা এৰাই চলিব বিচৰা সময়ত মুখ্য চিকিৎসা হৈছে পৰামৰ্শ । এই পৰামৰ্শমূলক অনুষ্ঠানসমূহ সাধাৰণতে এসপ্তাহত এজন যোগ্য পেছাদাৰী মনোবিজ্ঞানীৰ সৈতে কৰা হয়। সুৰাৰ অভ্যাস সলনি কৰিব বিচৰা যিকোনো স্তৰৰ সুৰাপানকাৰীৰ বাবে পৰামৰ্শ অতিকে উপযোগী ।

Medication

বহুতো ঔষধে সুৰাৰ প্ৰতি আসক্তি আঁতৰোৱাত লোকসকলক সহায় কৰিব পাৰে । ঔষধে পৰামৰ্শৰ সৈতে একে সৰ্বশ্ৰেষ্ঠ কাম কৰে । ডিচালফিৰাম হৈছে এক দীৰ্ঘম্যাদী ঔষধ যি সুৰাৰ আসক্তি নাইকিয়া কৰাত সহায় কৰে । নলট্ৰেক্সনে অত্যাধিক সুৰাপান কৰা লোকসকলৰ হেঁপাহ হ্ৰাস কৰে ।

লগতে পঢ়ক: Summer cold symptoms: কেৱল শীতকালতে নহয়, গ্ৰীষ্মকালতো আমনি কৰিব পাৰে জ্বৰ-চৰ্দিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.