ETV Bharat / sukhibhava

Parineeti Chopra: যদি আপুনিও পৰিনীতি চোপ্ৰাৰ দৰে সৌন্দৰ্যতা পাব বিচাৰে তেন্তে অনুসৰণ কৰক এইসমূহ টিপছ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:10 PM IST

পোহৰলৈ আহিছে পৰিনীতি চোপ্ৰাৰ সৌন্দৰ্য্যতাৰ ৰহস্য । পৰিনীতিৰ ছালৰ যত্নৰ নিয়মসমূহ আপুনিও কৰিব পাৰে অনুসৰণ । অভিনেত্ৰীগৰাকীয়ে কেনেকৈ নিজৰ ছালৰ যত্ন লয় জানো আহক ।

Parineeti Chopra
পৰিনীতি চোপ্ৰা

বলীউডৰ তাৰকা পৰিনীতি চোপ্ৰা নিজৰ ষ্টাইল আৰু সৌন্দৰ্য্যৰ বাবে পৰিচিত । সৌন্দৰ্য্যৰ ক্ষেত্ৰত পৰিনীতি চোপ্ৰাই বি-টাউনৰ আন অভিনেত্ৰী সকলোকো চেৰ পেলাবলৈ সক্ষম হৈছে । শেহতীয়াকৈ পৰিনীতি চোপ্ৰাই ৰাঘৱ চাড্ডাৰ সৈতে বাগদান কৰিছিল । দুয়ো অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে । এংগেজমেণ্টৰ পিছত ওলোৱা অভিনেত্ৰীগৰাকীৰ ছবিত তেওঁক খুবেই ধুনীয়া দেখা গৈছিল । অভিনেত্ৰীগৰাকীৰ মেক-আপ আছিল নূন্যতম ।

মেকআপ নকৰাকৈও অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ ছালখন খুবেই উজ্বল দেখা যায় ৷ অভিনেত্ৰীগৰাকীয়ে গ্ল’য়িং ছালৰ বাবে বিশেষ ছালৰ যত্নৰ ৰুটিন মানি চলে ৷ সেইবাবেই গধুৰ মেকআপৰ পিছতো অভিনেত্ৰীগৰাকীৰ মুখখন জিলিকি উঠে ৷ পৰিনীতিৰ দৰে গ্ল’য়িং ছাল পাবলৈ আপুনিও এই ছালৰ যত্নৰ ৰুটিন মানি চলিব পাৰে-

  • পৰিনীতি চোপ্ৰাই দিনটোৰ আৰম্ভণি কৰে ফেচ ৱাছেৰে ৷ অভিনেত্ৰীগৰাকীয়ে নিজৰ ছালৰ ধৰণ অনুসৰি ক্লিনজাৰ ব্যৱহাৰ কৰে ৷ মুখৰ লগতে অভিনেত্ৰীগৰাকীয়ে ডিঙিটোও চাফা কৰে ৷
  • অভিনেত্ৰীগৰাকীয়ে ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ ভাল মানৰ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে এই মইশ্ব’ৰাইজাৰটোও মুখ আৰু ডিঙিত লগায় ৷ ইয়াৰ ফলত গোটেই দিনটো ইহঁতক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷
  • ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ছালখন মইশ্ব’ৰাইজ কৰিবলৈ এলোভেৰা জেল ব্যৱহাৰ কৰে ৷ এলোভেৰাই ছালখনক গভীৰভাৱে আৰ্দ্ৰ কৰি তোলে ৷ ই ছালখন শান্ত কৰে ৷ ই ৰ’দত পোৰাৰ পৰা ৰক্ষা কৰে ৷
  • পৰিনীতিয়ে সদায় লগত লৈ থাকে লিপ বাম ৷ মাজে মাজে ব্যৱহাৰ কৰে ৷ ই ওঁঠ শুকান হোৱাৰ পৰা ৰক্ষা কৰে ৷ ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে সুস্থ ছালৰ বাবে ভিটামিন আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্যও খায় ৷
  • অভিনেত্ৰীগৰাকীয়ে কেৱল ছালৰ যত্ন লোৱাই নহয়, নখৰো যত্ন লয় । তেওঁৰ মতে মুখৰ দৰে নখৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। সেইবাবেই তাই মেনিকিউৰেৰে নখৰ সৌন্দৰ্য্য বৃদ্ধি কৰে ।

লগতে পঢ়ক: World Lymphoma Awareness Day 2023: আপোনাৰ শৰীৰত লিম্ফোমা আছে নে নাই কেনেকৈ চিনাক্ত কৰিব ?

লগতে পঢ়ক: Ajwain water: ঔষধি গুণাগুণেৰে সমৃদ্ধ জনি গুটি, ইয়াক পানীৰ সৈতে মিহলাই খোৱাৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.