ETV Bharat / sukhibhava

Glowing Skin Tips: নিশা শুৱাৰ পূৰ্বে এই 4টা বস্তু মুখত লগালে পাব প্ৰাকৃতিক গ্লো

author img

By

Published : Aug 6, 2023, 6:26 PM IST

বৰষুণৰ বতৰত ছালৰ বিশেষ যত্ন ল’ব লাগে। কাৰণ এই বতৰত ছালৰ সঠিক যত্ন লোৱাটো প্ৰয়োজনীয়। এনে পৰিস্থিতিত গ্লোইং ছাল পাবলৈ নিশা মুখত কিছুমান বস্তু লগাই শুব পাৰে । জানো আহক কি সেইকেইটা বস্তু..

These things you can do before bed to wake up with glowing skin
গ্লোইং ছাল পাবলৈ নিশা মুখত কিছুমান বস্তু লগাই শুব পাৰে

যেতিয়া ঋতু সলনি হয় তেতিয়া ছালৰো পৰিৱৰ্তন হয় । বাৰিষা কালতো ছালৰ পৰিৱৰ্তন দেখা যায় ৷ এনে পৰিস্থিতিত বজাৰত উপলব্ধ সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰাতকৈ ঘৰতে পোৱা সামগ্ৰীৰে আপুনি আপোনাৰ ছালৰ যত্ন ল’ব পাৰিব ৷ এই উপায়সমূহ ঘৰতে অতি সহজে উপলব্ধ ৷

উল্লেখ্য যে গোটেই দিনটো সূৰ্যৰ পোহৰ, ধূলি আৰু মলিৰ বাবে আমাৰ ছালখন ক্ষতিগ্ৰস্ত হয় । আনহাতে পুৱা প্ৰয়োগ কৰা ছালৰ সামগ্ৰী সন্ধিয়ালৈকে লেহেমীয়া হয় । এনে পৰিস্থিতিত নিশা ছালখনৰ যত্ন ল’ব লাগে, যাৰ ফলত আপুনি পাব গ্ল’য়িং স্কিন । ইয়াৰ বাবে নিশা মুখ ধুই ছালখনৰ যত্নৰ নিয়ম মানি চলিব পাৰে । ইয়াৰ ফলত মুখৰ পৰা মৃত ছালৰ কোষ আঁতৰি যায় । গতিকে নিশা শুৱাৰ আগতে মুখত কি কি বস্তু লগাব লাগে জানো আহক...

১/ নাৰিকল তেল

আমাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও নাৰিকল তেল অতি উপকাৰী । যদি বাৰিষাৰ সময়ত আপোনাৰ ছাল অত্যধিক শুকান হয়, তেন্তে নিশা মুখত নাৰিকল তেল লগাই শুব লাগে । এইদৰে আপোনাৰ ছালে নিশাটোৰ ভিতৰতে ছফ্ট হ’বলৈ লয় ৷ যাৰ বাবে মুখখন এন্টিবেক্টেৰিয়েল গুণেৰে ভৰি যায়, ছালখন জিলিকি থকা দেখা যায় ।

২/ এলোভেৰা জেল

প্ৰতি নিশা শুই উঠাৰ আগতে মুখত এলোভেৰা জেল লগাব লাগে । ই আপোনাৰ ছালখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ লগতে ছালখনৰ লগত জড়িত সকলো সমস্যা যেনে পিম্পল হোৱা আদিও নাইকিয়া হৈ যাব । এলোভেৰা জেলৰ প্ৰভাৱ অতি সোনকালে দেখা যাব।

৩/ কেঁচা গাখীৰ

বেছিভাগ মানুহেই ৰ’দৰ সংস্পৰ্শলৈ অহাৰ বাবে টেনিং সমস্যাত পৰে। এনে পৰিস্থিতিত তেওঁৰ মুখৰ স্বাভাৱিক ৰং ক’লা হ’হ ধৰে ৷ এনে পৰিস্থিতিত মুখৰ পৰা মৃত ছালৰ কোষবোৰ আঁতৰাবলৈ নিশা মুখখন ভালদৰে ধুই কেঁচা গাখীৰ লগাব লাগে । কপাহৰ সহায়ত মুখত পাতল তৰপত লগাব । নিশাটো মুখত ৰাখি তাৰ পিচত পুৱা ঠাণ্ডা পানীৰে মুখখন ধুই দিব।

৪/ গোলাপজল

নিশা গোলাপৰ পানীৰে মুখখন ভালকৈ ক্ৰাব কৰিব । ইয়াৰ ফলত আপোনাৰ মুখখন পৰিষ্কাৰ হৈ পৰিব । ইয়াক টোনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়ক: DIY Body Scrub: পাৰ্লাৰৰ দৰে গ্লো পাবলৈ ঘৰতে বনাওক এই স্ক্ৰাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.