Stroke Paralysis treatment: ষ্ট্ৰোক-পেৰালাইছিছ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে জানো আহক

author img

By

Published : Nov 23, 2022, 4:20 PM IST

Stroke Paralysis and its treatment

আধুনিক বিজ্ঞানৰ বিভিন্ন অৱদানৰ জৰিয়তে মানুহৰ জীৱন যাত্ৰা দ্ৰুততৰ আৰু উজু হৈ পৰিছে । পাছে পৰিবৰ্তিত জীৱন শৈলীৰ হেতুকে নানা ধৰণৰ ৰোগকে ধৰি জটিল ধৰণৰ সমস্যাই গা কৰি উঠিছে ।

আধুনিক বিজ্ঞানৰ বিভিন্ন অৱদানৰ জৰিয়তে মানুহৰ জীৱন যাত্ৰা দ্ৰুততৰ আৰু উজু হৈ পৰিছে । পাছে পৰিবৰ্তিত জীৱন শৈলীৰ হেতুকে নানা ধৰণৰ ৰোগকে ধৰি জটিল ধৰণৰ সমস্যাই গা কৰি উঠিছে । এইবোৰ সমস্যাক আধুনিক সভ্যতাৰ অভিশাপ বুলি আখ্যা দিব পাৰে । এনেবোৰ ৰোগৰ ভিতৰত উল্লেখনীয় হৈছে উচ্চ ৰক্তচাপ, বহুমুত্ৰ, মেদবহুলতা, কলিজা আৰু লিভাৰৰ নানা ৰোগ(Stroke Paralysis treatment) । ইয়াৰে প্ৰথমবিধে (অৰ্থাৎ উচ্চ ৰক্তচাপৰ ফলত) শৰীৰৰ বিভিন্ন অংশত নানা ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে । মগজুলৈ তেজ সৰবৰাহকাৰী ধমনীৰ সুৰংগত তেজ গোট মাৰি তেজ চলাচলত বাধাৰ সৃষ্টি কৰে ।

ইয়াৰ ফলত মগজুৰ কেতবোৰ বিশেষ অংশ শুকাই যাব পাৰে । সেই বিশেষ অংশটিয়ে শৰীৰৰ যিবোৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে তেনেবোৰ কাম-কাজ ব্যাহত হয় । উদাহৰণস্বৰুপে শৰীৰৰ একোটা পিনৰ হাত-ভৰি জঠৰ বা অকামিলা হৈ যাব পাৰে । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Hemiplegia (আংশিকভাৱে অকামিলা হ’লে Hemiparesis বোলে ।

আনহাতে সৰ্বসাধাৰণৰ ভাষাত ইয়াক পেৰালাইছিছ বোলে । আনুষংগিকভাৱে বাকশক্তি টুটিব বা ক্ষয় যাব পাৰে । (Impairment of Speech) । আজিৰ তাৰিখত চিকিৎসা বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতি হোৱা সত্ত্বেও এইবিধ জটিলতাৰ সম্পূৰ্ণ আৰোগ্য লাভ যেন সম্ভাৱপৰ হোৱা নাই । অৱধাৰিতভাৱেই এনে ৰুগ্নাৱস্থাৰ বাবে এক পাৰিবাৰিক তথা সামাজিক সমস্যাৰ সৃষ্টি হোৱা বুলিব লাগিব । কাৰণ এইসকল ব্যক্তি নিজৰ জীৱনৰ প্ৰতিটো কামৰ বাবেই পৰমুখাপেক্ষী হ’বলগীয়া হয় ।

অৱশ্যে বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাৰ ফলত এইক্ষেত্ৰত আশাৰ সঞ্চাৰ হোৱা বুলিব লাগিব । এইক্ষেত্ৰত উল্লিখিব লাগিব বান্দৰৰ মস্তিষ্কৰ ওপৰত চলা গৱেষণাৰ বিষয়ে । বায়াৰ (তাঁৰ) আৰু ইলেকট্ৰডৰ জৰিয়তে মগজুৰ মগজুলৈ তথ্য ‘আপলোড’ কৰিব পৰা ইতিমধ্যে হৈ গৈছে । স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই পৰিঘটনা সংঘটিত হৈছে ।

ষ্ট্ৰোকৰ ফলত অসাৰতাত বা পেৰালাইছিছত ভোগা ৰোগীসকলক পুনৰ খোজ কাঢ়িবলৈ সক্ষমতা প্ৰদানৰ উদ্দেশ্যে গতিবিধি (Movement) ছেন্সৰৰ সহায়ত মগজুৰ সংযোগ স্থাপন কৰা হয় । খোজকঢ়াৰ ভংগিমা আৰু গতিবেগৰ ওপৰত ইয়াৰ নিয়ন্ত্ৰণ থাকে । বিজ্ঞানীসকলৰ মতে ইয়াৰ জৰিয়তে ভৱিষ্যতে মানৱ সমাজৰ কল্যাণাৰ্থে কেতবোৰ কাম কৰিব পৰা যাব । আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ ডিউক বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞান বিভাগৰ অধ্যাপক ড° মিগুৱেল নিকোলিছৰ মতে বান্দৰৰ মগজুৰ চেৰিব্ৰেল ক’ৰ্টেক্স নামৰ অংশটিলৈ এনে সংকেত প্ৰেৰণ কৰে যাৰ জৰিয়তে ভিন্ন ধৰণৰ খাদ্য-সম্ভাৰৰ জুতিৰ ভিন্নতাৰ উমান জন্তুটিয়ে লভিবলৈ সক্ষম হয় ।

অৱশ্যে ইয়াত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ প্ৰচলনৰ পূৰ্বৰে পৰাই আছিল যদিও মগজু আৰু যন্ত্ৰৰ মাজত কোনো সুসমন্বয় নথকা বাবে ব্যৱহাৰকাৰীয়ে ভবা ধাৰণাৰ দ্বাৰা দৈহিক গতিবিধি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । পাছে আমেৰিকা, ছুইজাৰলেণ্ড আৰু ব্ৰাজিলৰ বিজ্ঞানীসকলে অংশগ্ৰহণ কৰা ‘ৱাক এগেইন’ প্ৰজেক্টৰৰ জৰিয়তে এয়া সম্ভৱপৰ হৈ উঠিছিল ।

অসাৰতাত ভোগা হাত-ভৰি যুগল এক কৃত্ৰিম তথা বাহ্যিক জঁকাৰ (Exoskeleton) জৰিয়তে চালিত হৈ লৰচৰ কৰা সম্ভৱপৰ হৈ উঠিছিল । ডা: নিকোলিছ আৰু তেওঁৰ সহযোগীসকলৰ মতে লক্ষ্যস্থলত উপনীত হ’বলৈ তেওঁলোকৰ এতিয়াও বহুদূৰ বাকী যদিও এয়া যেন সফলতাৰ প্ৰথমটো মাইলৰ খুঁটি । ইয়াৰে এটা সম্পৰীক্ষাত আৰোৰা নামৰ এটা বান্দৰে তাইৰ মগজুত স্থাপন কৰা ইলেকট্ৰ’ডৰ মাধ্যমেদি কম্পিউটাৰৰ কাৰ্ছৰ (Cursor) ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল । অনুৰুপ ধৰণৰ কাম কৰিবলৈ সমৰ্থ হৈছিল পাৰ্কিনছন ৰোগীসকলো ।

আশ্চৰ্যকৰ বিষয়টি হৈছে যে মগজুত ইলেকট্ৰ’ডযুক্ত এনে এটা বান্দৰে হেজাৰ যোজন দূৰৈত অৱস্থিত জাপানত থকা এটা ৰ’বটৰ সৈতে ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে এনেবোৰ ক্ষেত্ৰত বাহ্যিক সংকেতহে পঠিওৱা হৈছিল । মানুহে খোজ কঢ়াৰ সময়ত মাথোঁ দৃষ্টিশক্তিৰ জৰিয়তে দৈহিক গতিবিধি নিয়ন্ত্ৰণ নকৰে-গতিবেগ আৰু স্থিতি অটুট ৰখাৰ বাবে সংজ্ঞাবাহী তথ্যৰো (Sensory Data) দৰকাৰ হয় । গতিকে অসাৰতাত ভোগা ৰোগীসকলে বাহ্যিক জঁকা নিয়ন্ত্ৰণ কৰাৰ বাবে মগজুৰ পৰা তথা মগজুলৈ সংকেত পৰিবাহিত হ’ব লাগিব ।

গৱেষণাৰ সময়ত বান্দৰৰ লাওখোলাত বিজ্ঞানীসকলে ৰন্ধ্ৰৰ মাজেদি এনে এক মাইক্ৰ’চিপ সুমুৱাই দিয়া হৈছিল যিটো নেকি সাত শতাধিক চুলিৰ লেখীয়া ইলেকট্ৰ’ডৰ দ্বাৰা গঠিত । মগজুৰ উপৰিভাগৰ কিছু তললৈকে এনে ইলেকট্ৰ’ড সুমুৱাই দিয়া হয় । ইয়াৰে কিছু অংশই সংকেত ৰেকৰ্ডিং কৰে আৰু আন কিছুমান অংশই বাহ্যিক পৰিৱেশৰ তথ্য সংগ্ৰহ কৰে ।

নিগনিৰ ওপৰতো অনুৰুপ ধৰণৰ গৱেষণাৰ জৰিয়তে স্পৰ্শানুভূতিৰ তথ্য সংগ্ৰহ কৰা হৈছিল । সমস্ত গৱেষণাখিনিৰ ফলাফল এতিয়ালৈকে প্ৰকাশ কৰা নাই যদিও ছায়েন্স আমেৰিকান নামৰ আলোচনীত এই সন্দৰ্ভত এটি প্ৰতিবেদন প্ৰকাশিত হৈছে । নি:সন্দেহে মগজুত সংস্থাপন কৰা ইমপ্লেণ্টবোৰৰ কাৰ্যদক্ষতা বঢ়াব লাগিব । কাৰণ ইয়াৰ জৰিয়তে কেইবাহেজাৰো মাইক্ৰ’ ইলেকট্ৰ’ডত পৰিবাহিত হ’ব ।

বিজ্ঞানীসকলৰ মতে সাম্প্ৰতিক কালৰ তুলনাত উন্নততৰ প্ৰযুক্তিৰ জৰিয়তেহে মগজু আৰু যন্ত্ৰৰ সুসমন্বয়ত পৰিচালিত বাহ্যিক জঁকাৰ জৰিয়তে ষ্ট্ৰোকৰ হেতুকে প্ৰতিবন্ধী ব্যক্তিসকলৰ আক্ৰান্ত অংশৰ দৈহিক সক্ষমতা ওভতাই লভিব পৰা যাব ।

ইয়াৰ বাবে নৱপ্ৰজন্মভুক্ত উচ্চ ঘনত্বযুক্ত মাইক্ৰ’ ইলেকট্ৰ’ডৰ দৰকাৰ হ’ব আৰু এনে যন্ত্ৰ মানৱ মগজুত সংস্থাপন কৰিব পৰা যাব । মগজুৰ বিভিন্ন অংশত অৱস্থিত লাখ লাখ স্নায়ুকোষ বা নিউৰণৰ বৈদ্যুতিক কম-কাজ সুদীৰ্ঘকালৰ বাবে বিশ্বাসযোগ্য ৰেকৰ্ডিং কৰিব পৰা যাব ।

এনে যান্ত্ৰিক পদ্ধতিৰ সুবিধাৰ লগতে অসুবিধাও আছে । অসাৰতা বা পেৰালাইছিছত ভোগা ৰোগীজন অদূৰ ভৱিষ্যতে এদিনাখন খোজ কাঢ়িবলৈ সক্ষম হ’ব যদিও মানসিকভাৱে ব্যক্তিগৰাকী বাহ্যিক জঁকাটিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব । বান্দৰৰ ওপৰত চলোৱা গৱেষণাৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে জনাইছে যে এনে যন্ত্ৰ ব্যৱহাকাৰীসকলে তেওঁলোকৰ দেহৰ অবিচ্ছেদ্য অংগৰুপে গণ্য কৰিব ভৱিষ্যতৰ সেই যন্ত্ৰটিক ।

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ এক নতুন জীৱন প্ৰদান কৰাৰ উপৰি এনেধৰণৰ যন্ত্ৰৰ অন্য ব্যৱহাৰো থাকিব । তাত্ত্বিক দিশৰ পৰা এনে যন্ত্ৰৰ জৰিয়তে মানৱ মগজুৰ এক ওতপ্ৰোত সম্পৰ্ক স্থাপিত হ’ব কম্পিউটাৰৰ আৰু অন্যান্য ইলেকট্ৰ’নিক যন্ত্ৰৰ সৈতে । কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে ছফটৱেৰ আৰু অপাৰেটিং ছিষ্টেমৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখিব পাৰিব । গতিকে গোপনীয়তা ৰক্ষা কৰাটো উজু হ’ব । মাইক্ৰ’ছফট আৰু গুগলৰ বিজ্ঞানীসকলে এইক্ষেত্ৰত অগ্ৰসৰ হৈছেই ।

উপৰিউক্ত সম্ভাৱনীয়তাসমূহে নি:সন্দেহে ষ্ট্ৰোকত আক্ৰান্ত হৈ হাত-ভৰিৰ অসাৰতাত ভোগা ৰোগীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে । আজিৰ তাৰিখত এনে ৰোগীৰ সংখ্যা একেবাৰে নগণ্য বুলিব নোৱাৰি । এইক্ষেত্ৰত নি:সন্দেহে শেহতীয়াভাৱে ফিজিঅ’থেৰাপীৰ এক অনবদ্য ভূমিকা আছে । চিকিৎসা বিজ্ঞানৰ বিভিন্ন শাখা তথা সেই শাখাৰ সৈতে জড়িত অংগবোৰৰ ৰুগ্নাৱস্থাৰ বাবে সুকীয়া ফিজিঅ’থেৰাপীৰ ব্যৱস্থা আছে ।

উদাহৰণস্বৰুপে ষ্ট্ৰোকৰ দৰে স্নায়ু তথা মগজুঘটিত ৰোগৰ বাবে নিউৰো ফিজিঅ’থেৰাপী আৰু কিলিজাৰ ৰোগাক্ৰান্তসকলৰ বাবে কাৰ্ডিয়াক ফিজিঅ’থেৰাপীৰ সুব্যৱস্থা আছে । অনুৰুপভাৱে হাঁপানী বা চি অ’ পি ডিৰ লেখীয়া শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ৰোগৰ উপসৰ্গ প্ৰশমনৰ বাবে ৰেছপিৰেটৰী বা ‘চেষ্ট’ ফিজিঅ’থেৰাপীৰ সহায় ল’ব পাৰি । শেষত উল্লিখিব খুজিছো যে কম বয়সীয়া (আনকি ডেকা-গাভৰুও) মানুহো আজিকালি উচ্চ ৰক্তচাপত ভুগি ষ্ট্ৰোক হৈ হাত-ভৰিৰ অসাৰতাত ভুগিব পাৰে ।

তদুপৰি ভূতৰ ওপৰত দানহ পৰা দি মহামাৰীৰ ৰূপত দেখা দিয়া মেদবহুলতাৰ বৰ্ধিত প্ৰাদুৰ্ভাৱে উচ্চ ৰক্তচাপ সৃষ্টিত অৰিহণা যোগাইছে । ন ন চিকিৎসা পদ্ধতি বিজ্ঞানে উদ্ভাৱন কৰিয়েই থাকিব । মাথোঁ এটা দশকৰ আগলৈকে ৰব’টিক ছাৰ্জাৰী আছিল ছায়েফিক গল্পৰ উপজীৱ্য বিষয় । অনুৰুপ সত্যফৰা এদিন প্ৰযোজ্য হ’ব বাহ্যিক জঁকাৰ দৰে বিজ্ঞানৰ নৱতম অৱদানবোৰ ।

লগতে পঢ়ক: Skin Problems: শীতকালত ছালৰ সৈতে জড়িত সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.