ETV Bharat / sukhibhava

মুখমণ্ডল পৰিস্কাৰ কৰিবলৈ কেমিকেলযুক্ত প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এইসমূহ প্ৰাকৃতিক সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 3:45 PM IST

যদি আপুনি শীতকালত আপোনাৰ মুখৰ জিলিকনি বৃদ্ধি আৰু ইয়াৰ কোমলতা বজাই ৰখাৰ উপায় বিচাৰিছে, তেন্তে প্ৰথমে আপোনাৰ বাথৰুমৰ পৰা ৰাসায়নিক সমৃদ্ধ ফেচ ৱাছ আঁতৰাই তাৰ পৰিৱৰ্তে পাকঘৰত ৰখা এই প্ৰাকৃতিক বস্তুৰে মুখখন ধুব । চাওক আপোনাৰ মুখখন কেনেকৈ জিলিকি উঠিব আৰু আপোনাৰ ছালখনো সুস্থ হৈ থাকিব ।

Skin Care Tips: Wash your face with natural things instead of face wash and get the desired glow
মুখমণ্ডল পৰিস্কাৰ কৰিবলৈ কেমিকেলযুক্ত প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এইসমূহ প্ৰাকৃতিক সামগ্ৰী

শীতকালত ছালৰ শুকানতা যথেষ্ট বৃদ্ধি পায় আৰু যদি আপুনি ৰাসায়নিক পদাৰ্থ থকা ছালৰ যত্ন লোৱা সামগ্ৰী ব্যৱহাৰ কৰে, তেন্তে শুকান হোৱাৰ লগতে ছালৰ খজুৱতি, ফোহা আৰু পিম্পলৰ সমস্যাও স্থায়ী হৈ থাকে ৷

এনে পৰিস্থিতিত ইয়াক সঘনাই মইশ্চ’ৰাইজ কৰি ৰখাৰ প্ৰয়োজন হয়, কিন্তু কেতিয়াবা ব্যস্ততাৰ বাবে এই কাম সম্ভৱ নহয়, তেতিয়া এই সমস্যা দূৰ কৰাৰ এক ফলপ্ৰসূ বিকল্প হ’ল ছালৰ যত্নত প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰা ৷ আপোনাৰ পাকঘৰত বহুতো বস্তু আছে যিবোৰ ব্যৱহাৰ কৰিলে মুখখন ধুই গ্লো বৃদ্ধি কৰাই নহয় ইয়াৰ আৰ্দ্ৰতাও বজাই ৰাখে, এই সামগ্ৰীসমূহৰ বিষয়ে জানো আহক-

বেচন

যেতিয়া ফেচ ৱাছ নাছিল তেতিয়া গা ধোৱা আৰু মুখ ধোৱাৰ বাবে বেচন ব্যৱহাৰ কৰা হৈছিল ৷ বেচনে ছালখন গভীৰভাৱে পৰিষ্কাৰ কৰে আৰু ইয়াৰ উজ্বলতা বৃদ্ধি কৰে আৰু লগতে ছালখনকো কোমল কৰি ৰাখে ৷ ইয়াৰ বাবে বেচনত এচিকুট হালধি মিহলাই গোলাপ পানী বা দৈ দি পেষ্ট বনাব ৷ মুখত লগাই অলপ শুকাবলৈ দি তাৰ পিছত পানীৰে ভালদৰে ধুই লওক ৷ দৈনিক এনেদৰে বেচনৰ প্ৰয়োগ কৰক ৷

তিঁয়হ

তিঁয়হত ভাল পৰিমাণৰ পানী থাকে, গতিকে ইয়াক খোৱা আৰু মুখত লগালে দুয়োটাতে উপকাৰ পোৱা যায় ৷ তিঁয়হ কুটি মুখত ঘঁহি বা তাত দৈ মিহলাই মুখত লগাই ৫ মিনিট ৰাখিব ৷ আৰ্দ্ৰতা আৰু গ্লো দুয়োটা অক্ষত থাকিব ৷

চাল কুঁৱৰী

চাল কুঁৱৰীত থকা এন্টি-অক্সিডেন্ট গুণে ছালৰ জিলিকনি বৃদ্ধি কৰাত সহায় কৰে৷ ইয়াৰ উপৰিও ই ছালখনক হাইড্ৰেটেড কৰি ৰাখে ৷ মুখত ব্যৱহাৰ কৰিবলৈ চালকুঁৱৰী বা এলোভেৰা জেল এটা বাটিত উলিয়াই লওক ৷ তাত বেচন মিহলাই প্ৰয়োজন অনুসৰি পানী দি পেষ্ট প্ৰস্তুত কৰক ৷ ১০-১৫ মিনিট মুখত ৰাখি তাৰ পিছত সাধাৰণ পানীৰে ধুব ৷

তুলসী

তুলসীৰ ব্যৱহাৰেও ছালৰ বাবে বহু উপকাৰ লাভ কৰে ৷ ইয়াত এন্টি-বেক্টেৰিয়েল এলিমেণ্ট থাকে, যিবোৰে ছালৰ লগত জড়িত বহু ধৰণৰ সংক্ৰমণ আঁতৰোৱাত সহায় কৰে ৷ ইয়াৰ বাবে তুলসীৰ পাত ধুই পৰিষ্কাৰ কৰি পিহি লওক ৷ তাত এচামুচ মৌ দি এই পেষ্ট মুখত লগাওক ৷ প্ৰায় ১৫ মিনিটৰ পিছত পানীৰে ধুই লওক ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাত এইবোৰ বস্তু খালে প্ৰখৰ হ’ব শিশুৰ মগজু, গৱেষণাত প্ৰকাশ পাইছে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.