ETV Bharat / sukhibhava

Covid-19: RITৰ বিজ্ঞানীৰ মতে এতিয়াও কমা নাই ক'ভিডৰ প্ৰভাৱ

author img

By

Published : Dec 6, 2022, 3:27 PM IST

শেহতীয়াকৈ আমেৰিকাৰ ৰচেষ্টাৰ ইনষ্টিটিউট অৱ টেকন’লজি (RIT)ৰ বিজ্ঞানীসকলৰ গৱেষণাৰ পৰা এই সিদ্ধান্তত উপনীত হৈছে যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা এতিয়াও কমা নাই ।

possibility-of-the-spread-of-covid-between-different-races
এতিয়াও কমা নাই ক'ভিডৰ প্ৰাদূৰ্ভাৱ, এই সিদ্ধান্তত উপনীত হৈছে RITৰ বিজ্ঞানীসকলে

বিগত তিনি বছৰত সমগ্ৰ বিশ্বতে ক'ভিডৰ ফলত লাখ লাখ লোকৰ মৃত্যু হৈছে । আজিও লাখ লাখ লোকে এই ৰোগৰ সৈতে যুঁজি আছে । এই ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছতো বহু লোকৰ দেহত ক'ভিডৰ লক্ষণ দেখা যায়(Possibility of the spread of covid) ।

শেহতীয়াকৈ আমেৰিকাৰ ৰচেষ্টাৰ ইনষ্টিটিউট অৱ টেকন’লজি (আৰ আই টি)ৰ বিজ্ঞানীসকলৰ গৱেষণাৰ পৰা এই সিদ্ধান্তত উপনীত হৈছে যে বিভিন্ন জাতিৰ মাজত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা এতিয়াও অধিক(Rochester Institute of Technology, USA) । কম্পিউটাৰ চিমুলেচনৰ ভিত্তিত তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল ।

ক'ভিডে ইয়াৰ স্পাইক প্ৰ’টিন ব্যৱহাৰ কৰি কোষত প্ৰৱেশ কৰে । গৱেষকসকলে বিভিন্ন কনফৰ্মেচনত থকা এই প্ৰ'টিনবোৰে মানুহ আৰু বাদুলিৰ কোষৰ ACE2 ৰিচেপ্টৰৰ সৈতে কেনেকৈ বান্ধ খায় সেই বিষয়ে পৰীক্ষা কৰিছিল ।

"আমি আশা কৰিছিলো যে বিৱৰ্তনৰ সালসলনিৰ বাবে ভাইৰাছটো মানুহৰ লগত অধিক খাপ খাব আৰু বাদুলিৰ লগত কম খাপ খাব । কিন্তু আমি দেখিলোঁ যে কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই ।" এই গৱেষণাত অংশগ্ৰহণ কৰা গ্ৰেগৰী বেবিটে এইদৰে কয় ।

গতিকে মানুহৰ পৰা বাদুলিলৈ ভাইৰাছ বিয়পিবলৈ কোনো ডাঙৰ বাধা নাই । সেই অনুসৰি এই ভাইৰাছ যে বিভিন্ন প্ৰজাতিত বিয়পি থাকিব সেয়া এক প্ৰকাৰে স্পষ্ট হৈ পৰিছে । বিজ্ঞানীসকলৰ মতে, Covid-19 সৃষ্টি কৰা SARS-CoV-2 ভাইৰাছ প্ৰথমে বাদুলিৰ পৰাই মানুহত প্ৰৱেশ কৰিছিল । তাৰ পিছত বিশ্লেষণ কৰা হয় যে, ই বিভিন্ন প্ৰকাৰ যেনে ডেল্টা আৰু অমিক্ৰনলৈ পৰিৱৰ্তিত হৈছে ।

লগতে পঢ়ক: Health Tips: এইসমূহ ঘৰুৱা চিকিৎসা পদ্ধতিৰে সহজতে দূৰ কৰক পেটৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.