ETV Bharat / sukhibhava

বিহু-পোংগল বা উত্তৰায়ণ দেশৰ বিভিন্ন ঠাইত এনেদৰে পালন কৰা হয় সংক্ৰান্তিৰ পৰ্ব

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 1:30 PM IST

Makar Sankranti 2024: ভাৰতত আজি অৰ্থাৎ ১৫ জানুৱাৰীত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হৈছে । আজিৰ দিনটোতে সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে যাৰ বাবে বতৰৰ বহু পৰিৱৰ্তন দেখা যায় । এই উৎসৱ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে বিভিন্ন নামেৰে পালন কৰা হয় । ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

Pongal, Bihu, Khichdi, and more Makar Sankranti is celebrated with different names in India Let know its importance
বিহু-পোংগল বা উত্তৰায়ণ দেশৰ বিভিন্ন ঠাইত এনেদৰে পালন কৰা হয় সংক্ৰান্তিৰ পৰ্ব

সূৰ্যৰ পোহৰ আৰু শক্তি অবিহনে জীৱন কল্পনা কৰিব নোৱাৰি ৷ সেইবাবেই প্ৰতিটো ধৰ্মতে ইয়াক পূজা কৰা হয় ৷ সূৰ্যৰ এটা ৰাশিৰ পৰা আন এটা ৰাশিৰ গতিপথক সংক্ৰান্তি বোলে আৰু সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰিলে মকৰ সংক্ৰান্তি বোলা হয় ৷ তেতিয়াৰ পৰাই দিনবোৰ অলপ দীঘলীয়া হ’বলৈ আৰম্ভ কৰে ৷ ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় ৷ উত্তৰ ভাৰত আৰু বিহাৰত খিচড়ী, গুজৰাটৰ উত্তৰায়ণ, পঞ্জাৱ-হাৰিয়ানাত মাঘী-লোহৰী, কেৰালাত ভিলাক্কু, কৰ্ণাটকত এলু-বিৰোধু আৰু তামিলনাডু আৰু তেলেংগানাত পংগল আৰু অসমত ভোগালী বিহুৰ উৎসৱ পালন কৰা হয়৷ আজিৰে পৰা দিনবোৰ দীঘলীয়া হ’বলৈ আৰম্ভ কৰে ৷

  • বিহাৰৰ ইউ পিৰ মকৰ সংক্ৰান্তি আৰু খিচড়ী

উত্তৰ প্ৰদেশ আৰু বিহাৰত এই উৎসৱক মকৰ সংক্ৰান্তি আৰু খিচড়ী নামেৰে জনা যায় ৷ আজিৰ দিনটোত মাটি দাইল আৰু চাউলেৰে তৈয়াৰী খিচড়ি খোৱাৰ এক বিশেষ পৰম্পৰা আছে ৷ ইয়াৰ উপৰিও তিল আৰু গুড়ৰ পৰা তৈয়াৰী বস্তুও খাই দান কৰা হয় ৷ বিহাৰত বিশেষকৈ এই দিনটোত দৈ আৰু চিৰাও খোৱা হয় ৷

  • গুজৰাটৰ উত্তৰায়ণ

গুজৰাটত মকৰ সংক্ৰান্তি উত্তৰায়ণ নামেৰেও জনাজাত ৷ যেতিয়া ইয়াত কাইট ফেষ্টিভেলৰ আয়োজন কৰা হয়, যিটো সম্পূৰ্ণ ২ দিন চলি থাকে ৷ আজিৰ দিনটোত উন্ধিয়ু আৰু গুৰ আৰু বাদামেৰে তৈয়াৰী চিকি খোৱাৰ বিশেষ তাৎপৰ্য আছে ৷

  • পঞ্জাৱ-হাৰিয়ানাত মাঘী আৰু লোহৰী

পঞ্জাৱ আৰু হাৰিয়ানাত মাঘী আৰু লোহৰীৰ নামত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় ৷ অৱশ্যে মকৰ সংক্ৰান্তিৰ মাত্ৰ এদিন আগতে লোহৰী উদযাপন কৰা হয় ৷ য'ত জুই জ্বলাই তাৰ চাৰিওফালে ঘূৰি পূজা কৰা হয় ৷ লগতে ৰেৱদি, বাদাম আৰু মাকৈ বিতৰণ কৰা হয় ৷

  • কেৰালাৰ ভিলাক্কু

কেৰালাত এই দিনটো মকৰ ভিলাক্কু নামেৰে পালন কৰা হয় ৷ আজিৰ দিনটোত মানুহে সবৰীমালা মন্দিৰলৈ গৈ মকৰ জ্যোতিৰ দৰ্শন কৰে ৷

  • কৰ্ণাটকৰ এলু বিৰোধু

কৰ্ণাটকত ‘এলু বিৰোধু’ নামেৰে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয় ৷ এই উপলক্ষে মহিলাসকলে ওচৰৰ পৰিয়ালৰ মাজত আলু বেলা অৰ্থাৎ সতেজ ফল-মূল, কুঁহিয়াৰ, তিল, গুড় আৰু নাৰিকল বিতৰণ কৰে ৷

  • তামিলনাডু তেলেংগানাৰ পংগল

এই উৎসৱ ৪ দিনীয়া মকৰ সংক্ৰান্তিৰ আশে-পাশে প্ৰতি বছৰে পালন কৰা হয় ৷ ৪ দিন ধৰি চলি থকা পোংগালত প্ৰথম দিনা ভগৱান ইন্দ্ৰৰ পূজা কৰা হয়, দ্বিতীয় দিনা সূৰ্য দেৱতাৰ পূজা কৰা হয়, তৃতীয় দিনা মট্টু অৰ্থাৎ নন্দী বা ম’হৰ পূজা কৰা হয় আৰু চতুৰ্থ দিনা কালি মন্দিৰত কন্যা পূজা কৰা হয় ৷

  • বিহু

বছৰত তিনিবাৰকৈ বিহুৰ উৎসৱ পালন কৰা হয় ৷ প্ৰথমটো শীতকালত মাঘ মাহৰ সংক্ৰান্তিৰ দিনা, দ্বিতীয়টো বিষুৱ সংক্ৰান্তিৰ দিনা অৰ্থাৎ ব’হাগ মাহত আৰু তৃতীয়টো কাৰ্তিক মাহত অৰ্থাৎ কাতি মাহত পালন কৰা হয় ৷ পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয় । এই বিহু তিনিদিন পালন কৰা হয় । এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত ৷ নাৰিকল লাৰু, তিল পিঠা, ঘিলা পিঠা, দৈ-চিৰা লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয় ৷

লগতে পঢ়ক: শীতকালত শৰীৰ গৰম কৰি ৰখাত লাভদায়ক এইকেইবিধ চূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.