ETV Bharat / sukhibhava

Pollution in India: প্ৰদূষণৰ পৰা হাওঁফাওঁৰ ক্ষতি ৰোধ কৰাত কামত আহিব এই ঘৰুৱা উপায়

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:09 PM IST

Updated : Nov 8, 2023, 4:16 PM IST

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ হাওঁফাওঁ সুস্থ হৈ থকাটো বিচাৰে তেন্তে কিছুমান পদ্ধতি গ্ৰহণ কৰাটো উচিত । এই ঘৰুৱা উপায়সমূহৰ সহায়ত আপুনি আপোনাৰ হাওঁফাওঁক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে ।

Lungs are getting damaged due to pollution, take care of yourself with these home remedies
প্ৰদূষণৰ পৰা হাওঁফাওঁৰ ক্ষতি ৰোধ কৰাত কামত আহিব এই ঘৰুৱা উপায়

দেশৰ একাংশ চহৰত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ যাৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে ৷ হয়, এই বিষাক্ত বতাহৰ বাবে মানুহে উশাহ-নিশাহ লোৱাত অসুবিধা, চকুত বিষ, কাহ আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এই সমস্যাই আপোনাৰ হাওঁফাওঁত আটাইতকৈ বেছি প্ৰভাৱ পেলায় ৷ প্ৰদূষণৰ বাবে হাওঁফাওঁৰ যথেষ্ট ক্ষতি হৈছে ৷

এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ হাওঁফাওঁ সুস্থ হৈ থকাটো বিচাৰে তেন্তে কিছুমান পদ্ধতি গ্ৰহণ কৰা উচিত ৷ এই ঘৰুৱা উপায়বোৰৰ সহায়ত আপুনি আপোনাৰ হাওঁফাওঁক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে ৷ আহক আমি আপোনালোকক কিছুমান ঘৰুৱা উপায় কওঁ যিবোৰ আপুনি ঘৰতে সহজে কৰিব পাৰে ৷

এইদৰে হাওঁফাওঁক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰি ৰাখক

বনৌষধি চাহ খাবলৈ আৰম্ভ কৰক

যদি আপুনি আপোনাৰ হাওঁফাওঁ সুস্থ হোৱাটো বিচাৰে তেন্তে আপুনি আদা, তুলসী আৰু জালুকৰ দৰে বস্তুৰ পৰা তৈয়াৰী বনৌষধি চাহ খাব লাগে ৷ এই সকলোবোৰ বস্তুৱে আপোনাৰ শৰীৰক বিষমুক্ত কৰাত সহায় কৰে ৷ উল্লেখ্য যে, ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে প্ৰদূষণৰ ফলত হোৱা ক্ষতিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ সেয়ে এই চাহ দৈনিক সেৱন কৰিব লাগে ৷

গৰম পানীৰে ভাপ লওক

দৈনিক ভাপ খালে হাওঁফাওঁক সকাহ দিয়ে ৷ ইয়াৰ উপৰিও ভাপ ল’লে উশাহ লোৱাৰ সময়ত পোৱা কষ্টৰ পৰা উপশম পোৱা যায় ৷ ডিঙিৰ বিষৰ পৰা সকাহ লাভ কৰাৰ বাবে এইটোৱেই আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰ ৷

নিজকে হাইড্ৰেট কৰি ৰাখক

যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে নিজকে হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ বাবে আপুনি দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে ৷ ইচ্ছা কৰিলে নিতৌ গৰম পানীত নেমু মিহলাইও খাব পাৰে ৷ এনে কৰিলে দূষিত পদাৰ্থবোৰ আঁতৰোৱাত সহায় হয় আৰু হাওঁফাওঁ শক্তিশালী হয় ৷

লগতে পঢ়ক: WHO TB Report: অহোপুৰুষাৰ্থৰ পিছতো দেশত কিয় বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা ? পোহৰলৈ আহিল এই ডাঙৰ তথ্য

Last Updated : Nov 8, 2023, 4:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.